ভাৰতত জীপ ৰেংলাৰ ৰুবিকন মুকলি; কি আছে, দাম কিমান?

Jeep launches Wrangler Rubicon in India

অটোমোবাইল মেকাৰ এফ চি এ ইণ্ডিয়াই ভাৰতত জীপ ৰেংলাৰ ৰুবিকন মুকলি কৰিছে।

সমগ্ৰ ভাৰততে গাড়ীখনৰ দাম হ’ব 68.94 লাখ টকা।

আমদানিকৃত এছ ইউ ভিখন ১৫ মাৰ্চৰ পৰা গ্ৰাহকক দিয়া আৰম্ভ হ’ব।

এছ ইউ ভিখন পাঁচখন দুৱাৰ থকা আৰু ফ’ৰ হুইল ড্ৰাইভযুক্ত।

ৰেংলাৰ ৰুবিকন চাৰিটা চিলিণ্ডাৰযুক্ত দুই লিটাৰ টাৰ্ব’চাৰ্জড ইঞ্জিনযুক্ত।

পেট্ৰল ইঞ্জিনৰ গাড়ীখনৰ শক্তি 268 অশ্বক্ষমতাৰ আৰু ই আঠ স্পীডৰ অট’ ট্ৰানছ্মিছন থকা।

গাড়ীখনত ড্ৰাইভাৰ আৰু সন্মুখৰ যাত্ৰীৰ বাবে এয়াৰ বেগ থকাৰ লগতে পিছফালৰ যাত্ৰীৰ বাবেও কাষৰীয়া এয়াৰ বেগ আছে।

এছ ইউ ভিখনত পাহাৰীয়া পথত নিয়ন্ত্ৰণ ঠিক ৰখাৰ বাবে hill start assist, hill descent controlৰ সুবিধা আছে।

এ বি এছ আৰু electronic stability control, electronic roll mitigation আৰু টায়াৰ প্ৰেছাৰ মনিটৰিং ব্যৱস্থাও আছে।

ভাৰতত বহু গ্ৰাহকে ইতিমধ্যেই জীপ ৰেংলাৰ ৰুবিকনৰ অগ্ৰীম বুকিং কৰিছে বুলি কোম্পানিটোৱে প্ৰকাশ কৰিছে।

২০১৬ চনত মুকলি কৰা ৰেংলাৰ ভাৰতত জীপৰ এটা জনপ্ৰিয় মডেল। ইয়াক সম্পূৰ্ণৰূপে বিদেশৰ পৰা আমদানি কৰা হয়।