NORTHEAST NOW (Assamese)

মূল্যবৃদ্ধিৰ আশীৰ্বাদ! ক্ৰমে সম্পদ কমি গৈছে জেফ বেজোছ, এলন মাস্কৰ, বিপৰীতে ধনী হৈ গৈ আছে মুকেশ আম্বানী, গৌতম আদানী

September 15, 2022 11:14 am · এন ই নাও নিউজ,গুৱাহাটী

বিশ্বৰ অৰ্থনীতি এতিয়া বিশেষ এটা ভাল অৱস্থাত নাই। ইয়াৰ প্ৰভাৱ বিশ্বৰ ধনী লোকসকলৰ ওপৰতো পৰিছে। সেয়ে প্ৰতি ২৪ ঘণ্টাত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিসকল অন্যতম এমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ সম্পদৰ পৰিমাণ লক্ষ্যণীয় ভাবে কমি গৈছে।

জেফ বেজোছে এদিনত ৯.৮ বিলিয়ন ডলাৰ (প্ৰায় ৮০,০০০ কোটি টকা) লোকচান ভৰিছে। বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কেও প্ৰতি ২৪ ঘণ্টাত হেৰুৱাইছে ৮.৩৫ বিলিয়ন ডলাৰ (প্ৰায় ৭০.০০০ কোটি টকা)। কিন্তু ২৪ ঘণ্টাত এটকাও লোকচান ভৰা নাই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু গৌতম আদানি ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সৰ তথ্যত এই কথা প্ৰকাশ পাইছে।

মুকেশ আম্বানীয়ে দৈনিক ১.২৩ বিলিয়ন ডলাৰ (৯,৭৭৫ কোটি টকা)লাভৰ ঘৰত ৰাখিব পাৰিছে। বিশ্বৰ তৃতীয় ধনী ব্যক্তি আদানীয়ে ১.৫৮ বিলিয়ন ডলাৰ (১২,৫৫৬ কোটি টকা) প্ৰতিদিনে লাভ কৰি আহিছে। ভাৰতত সামগ্ৰী আৰু সেৱাৰ মূল্য অত্যধিক হাৰত বৃদ্ধি কৰাৰ বাবেই এই ব্যক্তিসকল বেছি ধনী হৈ গৈ আছে নেকি?

আম্বানীৰ অন্যান্য ব্যৱসায়ৰ কথাটো বাদেই পূৰ্বে আম্বানীয়ে যি দামত জি’অৰ সেৱা প্ৰদান কৰিছিল তাতোকৈ বেছি দামত এতিয়া একেই সেৱা ৰাইজক যোগান ধৰিছে। একেদৰে আদানীৰ হাততে এতিয়া দেশৰ কেইবাটাও বিমান বন্দৰৰ লগতে বন্দৰো। শেহতীয়াকৈ বিদ্যুৎ উৎপাদনতো হাত দিছে আদানীয়ে। সেৱা আৰু সামগ্ৰীৰ মূল্য নিৰ্ধাৰণৰ কৰ্তৃত্ব এতিয়া আদানীৰ হাততে।এনেবোৰ কাৰণতে হয়তো আদানী, আম্বানীৰ ধনৰ পাহাৰ ওখৰ পৰা অধিক ওখ হৈ গৈছে।

Related News