• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চন্দ্রবিন্দুৰ কথা

 ৰাজীৱ শৰ্মা by ৰাজীৱ শৰ্মা
September 15, 2022 12:12 pm
110
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চন্দ্ৰবিন্দু অসমীয়া ভাষাৰ এটা বিশিষ্ট ধ্বনি | কিয়নো ই শব্দৰ অৰ্থৰ পাৰ্থক্য সৃষ্টি কৰিব পাৰে | চন্দ্ৰবিন্দু দিয়া বা নিদিয়াক লৈ কোনো এটা ‘শব্দ’ শব্দ হ’বও পাৰে আৰু ‘শব্দ’টো সাৰ্থক শব্দ নহৈ নিৰৰ্থক শব্দও হ’ব পাৰে | এই বিষয়ে কেইটিমান কথা জানি থ’লে চন্দ্ৰবিন্দুৰ ব্যৱহাৰত আউল নালাগে বা খোকোজা নালাগে |

Apply Now

অসমীয়া ভাষাত চন্দ্ৰবিন্দুটো সদায় স্বৰবৰ্ণৰ লগত উচ্চাৰিত হয়। যিটো স্বৰৰ লগত চন্দ্ৰবিন্দুটো উচ্চাৰিত হয়, ঠিক সেইটো স্বৰৰ মুখ্যৰূপ (যেনে : অ, আ, ই, ঈ, উ ইত্যাদি)-ৰ ওপৰতে ইয়াক লিখিব লাগে। উদাহৰণ : অঁকৰা, আঁকৰী, আঁক, আঁচোৰ, আঁঠু, উঁই, ওঁঠ, এওঁ, গাওঁ (গোৱা অৰ্থত), তেওঁ, সেওঁতা, ইত্যাদি।
স্বৰটোৰ গৌণৰূপ (যেনে : -া, -ি, -ী, -ু, -ূ ইত্যাদি)-ৰ ব্যৱহাৰ হ’লে স্বৰটো যিটো ব্যঞ্জনৰ লগত যোগ হয়, ঠিক সেই ব্যঞ্জনটোৰ ওপৰতে চন্দ্ৰবিন্দুটো লিখিব লাগে। যেনে : কঁকাল, কাঁইট,
কুঁৱৰী, কোঁৱৰ, গাঁও (গ্ৰাম অৰ্থত), দঁতাল, পাঁচ, পুঁই, যুঁজ, সঁচা, সাঁজ, সোঁৱৰণ, ইত্যাদি।

অসমীয়া ভাষাৰ চন্দ্ৰবিন্দুটো স্বৰৰ লগত উচ্চাৰিত হয় যদিও চন্দ্রবিন্দু লগা স্বৰটোৰ পিচত যদি অন্য স্বৰবৰ্ণ বা ৱ, য়, হ-বর্ণ থাকে, তেন্তে চন্দ্রবিন্দুটোৱে ওচৰত থকা স্বৰ নাইবা য়, ৱ আৰু হ – এই তিনিটা ব্যঞ্জনক নাকীসুৰীয়া কৰে । উচ্চাৰণৰ এনে খেলিমেলিয়ে বানানতো খেলিমেলি লগায়। ফলত কুঁৱৰী, কোঁৱৰ, সোঁৱৰণ, কাঁইট আদি শব্দত বহুতে চন্দ্ৰবিন্দুটোৰ ঠাই সলাই ভুলকৈ লিখা দেখা যায়।

কিছুমান শব্দত চন্দ্ৰবিন্দু দিলেহে ‘শব্দ’টো শব্দ হয় আৰু নিদিলে শব্দ নহয় | যেনে :
শব্দ শব্দ নহয়
সঁচা সচা
সোঁহাত সোহাত
কোঁৱৰ কোৱৰ
কাঁহী কাহী
সোঁৱৰণ সোৱৰণ
খাওঁ খাও
বাঁওহাত বাওহাত
ওঁঠ ওঠ
হাঁহি হাহি | ইত্যাদি |
চন্দ্ৰবিন্দু নলগা শব্দত চন্দ্ৰবিন্দু দিলেও সেই শব্দ নিৰৰ্থক হৈ পৰে বা ভুল হয়। যেনে :
শব্দ নিৰৰ্থক শব্দ
যদিও যদিওঁ
হওক হওঁক
নেওগ নেওঁগ
আঠোটা আঁঠোটা
সকলোৱে সকলোঁৱে
ভূঞা ভূঞাঁ
চিঞৰ চিঞঁৰ
গোহাঞিঁ গোহাঞিঁ ইত্যাদি |
অসমীয়া ভাষাৰ কিছুমান প্ৰত্যয় আৰু বিভক্তি সদায় চম্দ্ৰবিন্দু যুক্ত হৈহে ব্যৱহাৰ হয় | তলত এনে প্ৰত্যয় আৰু বিভক্তিৰ প্ৰয়োগ দেখুওৱা হ’ল :
¤ বহুবচন বুজোৱা –হঁত প্রত্যয়ত চন্দ্ৰবিন্দু বহে | যেনে :
বিশেষ্য : ডেকাহঁত, ডেকেৰীহঁত, ল’ৰাহঁত, ছোৱালীহঁত, পুতেকহঁত, জীয়েকহঁত, জীয়াৰীহঁত, বোৱাৰীহঁত, ভায়েকহঁত, ভনীয়েকহঁত, গৰুহঁত (গালি), বান্দৰহঁত (গালি) ইত্যাদি |
সর্বনাম : তহঁত, ইহঁত, সিহঁত, তাইহঁত ইত্যাদি |
ক্রিয়া : আহহঁত, কৰহঁত, খা-হঁত ইত্যাদি।
¤ ক্রিয়াপদৰ লগত যোগ হোৱা বহুবচনৰ –হঁক প্ৰত্যয়ত চন্দ্ৰবিন্দু যুক্ত হৈ থাকে | যেনে :
আহহঁক : তহঁত আহহঁক |
যোৱাহঁক : তোমালোক এতিয়া যোৱাহঁক |
নাযাৱহঁক : তহঁত নাযাৱহঁক কিয় ?
আহিবাহঁক : তোমালোক আহিবাহঁক দেই ! ইত্যাদি।
¤ উত্তম পুৰুষৰ ক্ৰিয়াপদৰ –ওঁ বিভক্তিত চন্দ্ৰবিন্দু দিব লাগে |যেনে :
মই কথা এষাৰ কওঁনে ?
পূজাত মই কাপোৰ নলওঁ |
পূজা পৰিচালনা সমিতিত মই বৰঙণি দিওঁ |
তোমাক মই টকা দিব নোৱাৰোঁ |
কি কৰোঁ, কি নকৰোঁ, ঠিক কৰিব পৰা নাই |
মই ‘বুঢ়ী আইৰ সাধু’ পঢ়িছোঁ | ইত্যাদি |

¤ কোনো ক্ৰিয়াৰ কাম কৰোঁতা বুজোৱা –ওঁতা (পুংলিঙ্গবাচক) আৰু –অঁতী (স্ত্রীলিঙ্গবাচক) প্রত্যয়তো চন্দ্ৰবিন্দু যুক্ত হৈ থাকে | যেনে :
খাওঁতা আছে, কৰোঁতা নাই |
নিওঁতা আছে, দিওঁতা নাই |
সেইদৰে, পঢ়োঁতা, আহোঁতা, মৰোঁতা, চাওঁতা ইত্যাদি | স্ত্রীলিংগ অৰ্থত – কৰঁতী, থৱঁতী, পঢ়ঁতী, মৰঁতী, বৱঁতী, খীৰঁতী ইত্যাদি।
¤ কৃদন্ত —ওঁতে ৰূপত চন্দ্ৰবিন্দু ব্যৱহাৰ হয় |যেনে :
কওঁতে, দিওঁতে, থওঁতে, খাওঁতে, উঠোঁতে, বহোঁতে, মাতোঁতে, পঢ়ি থাকোঁতে, আহি পাওঁতে, গৈ থাকোঁতে, খেলোঁতে, খোলোঁতে, হাঁহোঁতে, সাঁতোৰোঁতে, মাৰোঁতে, উলিয়াওঁতে, জপিয়াওঁতে, নাচোঁতে ইত্যাদি।

অসমীয়া ভাষাৰ অনুজ্ঞাৰ ক্ৰিয়াত চন্দ্ৰবিন্দুৰ প্ৰয়োগৰ নিয়ম আগতে আছিল | আমাৰ ‘হেমকোষ’, ‘চন্দ্ৰকান্ত অভিধান’তো অনুজ্ঞাৰ ক্ৰিয়াত চন্দ্ৰবিন্দু দিয়া হৈছে | ড° ভূপেন হাজৰিকাৰ গীত শুনিলেও আমি শুনো | কেইবছৰমান আগলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশ্ন-কাকততো অনুজ্ঞাৰ ক্ৰিয়াত (লিখাঁ, কোৱাঁ ইত্যাদি) চন্দ্ৰবিন্দু দিয়া হৈছিল | (ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু অসম মাধ্যমিক শিক্ষা পৰিষদৰ প্ৰশ্ন-কাকততো অনুজ্ঞাৰ ক্ৰিয়াত পূৰ্বতে চন্দ্ৰবিন্দু দিয়া হৈছিল ছাগৈ !) কিন্তু আজিকালি দিয়া দেখা নাযায় |

সম্প্ৰতি অসমীয়া মান্য ভাষাটোত নামনি অসমৰ উপভাষাটোৰ পূৰ্বতকৈ অধিক প্ৰভাৱ পৰিব ধৰিছে | আগৰ ‘কৰিলোঁহেঁতেন’ এতিয়া বহুতৰে কথাত বা লেখাত ‘কৰিলো হয়’ হোৱা নাই জানো ! কামৰূপী উপভাষাত ঠাই বিশেষে ‘কৰিলোঁহেতেন’ৰ ঠাইত ব্যৱহাৰ হোৱা ‘কোল্লু হৈ’, কোইল্লু হৈ’ আদি ৰূপৰ এয়া প্ৰভাৱ নহয় জানো ! দৰাচলতে নামনি অসমৰ উপভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ নাই বুলিলেই হয় | সেয়েহে, হয়তো অসমীয়া ভাষাৰ মান্য ৰূপটোত চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ প্ৰৱণতা পূৰ্বৰ তুলনাত কিছু হ্ৰাস পাব ধৰিছে | এইখিনিতে ক’বলৈ মন গৈছে – আমি আমাৰ ভাষাটোৰ মান্য ৰূপটোৰ শ্ৰুতিমধুৰতা ৰক্ষা কৰিবলৈ সচেষ্ট হোৱাটো হয়তো উচিত হ’ব |

(লেখক ৰাজীৱ শৰ্মা পেছাত এগৰাকী শিক্ষক। তেওঁ কেইবাখনো ব্যাকৰণ আৰু অভিধান প্ৰণয়নৰ সৈতেও জড়িত।)

 ৰাজীৱ শৰ্মা

ৰাজীৱ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd