কৰোনাতংক : ভাৰতক সহায় কৰিবলৈ অনুৰাগীক আহ্বান হলিউদৰ জনপ্ৰিয় অভিনেত্ৰী জেনিফাৰসহ অন্য চেলিব্ৰেটিৰ

FEwLNUtdyAyVzc3L5hBC3k

হলিউদৰ বিখ্যাত অভিনেত্ৰী জেনিফাৰ আষ্টিনে তেওঁৰ অনুৰাগীসকলক কৰোনা সংক্ৰমণে আতংকৰ সৃষ্টি কৰা ভাৰতক সহায় কৰিবলৈ আহ্বান জনাইছে।

নিজৰ ইনষ্টাগ্ৰামৰ কেবাটাও ষ্টৰীৰ মেচেজৰ জৰিয়তে অনুৰাগীসকলক অভিনেত্ৰী জেনিফাই ভাৰতক কোভিড যুঁজত সহায় কৰিবলৈ আহ্বান জনাইছে।

“কৰোনা ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয় ঢৌৱে ভাৰতত গুৰুতৰ ৰূপ লৈছে, যোৱা পাঁচটা দিনত প্ৰতিদিনে নতুন সংক্ৰমণে সমগ্ৰ বিশ্বৰ অভিলেখ ভংগ কৰিছে।” প্ৰথমটো ষ্টৰীত এইদৰে কয় হলিউদৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে।

দ্বিতীয়টো ষ্টৰীত জেনিফাই আমেৰিকানসকলে ভাৰতক তাৎক্ষণিক সাহায্য আগবঢ়োৱাৰ বাবে ধন সংগ্ৰহ কৰি আছে বুলি উল্লেখ কৰি কি কি সাহায্য যোগান ধৰিব তাৰো সংক্ষিপ্ত বিৱৰণ দিছে।

ইফালে তৃতীয়টো ষ্টৰীত জেনিফাই কৈছে, “আপুনি সহায় কৰিবলৈ দান কৰিব নালাগে, সজাগতা বৃদ্ধিৰ বাবে আপুনি যিকোনো প্লেটফৰ্মত সহায়ক হোৱাকৈ এই কথাটো প্ৰচাৰ কৰিব পাৰে।”

উল্লেখ্য যে ভাৰতত বৃদ্ধি পোৱা কৰোনাৰ সংক্ৰমণে উদ্বিগ্ন কৰি তুলিছে হলিউদৰ আন কিছুমান তাৰকাকো।

ইতিমধ্যে হলিউদৰ সংগীত শিল্পী শ্বান মেণ্ডেছেও এক ভিডিঅ’ বাৰ্তাৰ যোগেদি তেওঁৰ অনুৰাগীসকলক ভাৰতক কোভিড যুঁজত সহায় আগবঢ়াবলৈ আহ্বান জনাইছে।

“যদি আপুনি ভাৰতীয় সংস্কৃতি আৰু মানুহৰ সংস্পৰ্শলৈ আহিছে, তেন্তে দান বৰঙণি দিয়ক আৰু তেওঁলোকক সহায় কৰক।” মেণ্ডেছে অনুৰাগীসকলক কয়।

ইয়াৰ উপৰিও টক শ্ব’ হ’ষ্ট এলেন ডেগেনাৰ্ছ, লিলি সিং, সংগীত শিল্পী কামিলা চেলবেল’, অভিনেতা ক্ৰমে জাদা পিংকেট স্মীট, লানা ক’ণ্ডৰ, ৰিচাৰ্ড মেড্ডেন আকু কুণাল নায়াৰেও নিজৰ নিজৰ অনুৰাগীসকলক ভাৰতক কোভিড যুঁজত সহায় কৰিবলৈ আহ্বান জনাইছে।