বন্ধু হিচাপেই থকাই ভাল! প্ৰেমিকৰ স’তে ব্ৰেক-আপ হ’ল হলিউড তাৰকা জেনিফাৰ লোপেজৰ

বেছবল তাৰকা এলেক্স ৰড্ৰিগুৱেজৰ স’তে প্ৰেমৰ সম্পৰ্ক নিটিকিল পপষ্টাৰ জেনিফাৰ লোপেজৰ।

”আমি বন্ধু হিচাপে থাকিলেই ভাল।”- বৃহস্পতিবাৰে চেলিব্ৰেটী প্ৰেমিক-প্ৰেমিকাহালে এইদৰে ঘোষণা কৰে।

জেলো নামেৰে অনুৰাগীসকলৰ পৰিচিত পপষ্টাৰগৰাকীয়ে কয় যে তেওঁলোকে অনুভৱ কৰে যে বন্ধু হিচাপেই তেওঁলোক আগুৱাই যাব।

একে মত ব্যক্ত কৰিছে এ-ৰড (A-Rod) নামেৰে পৰিচিত ‘নিউয়ৰ্ক য়াংকীজ’ বেছবল ক্লাবৰ প্ৰাক্তন তাৰকা এলেক ৰড্ৰিগুৱেজেও।

”আমি একেলগে কাম কৰি যাম আৰু আমি একেলগে জড়িত হোৱা ব্যৱসায় আৰু প্ৰকল্পসমূহত দুয়ো দুয়োকে সহযোগ কৰি যাম।”- বেছবল তাৰকাজনে কয়।

দুয়োগৰাকী তাৰকাই ডেটিং কৰিবলৈ আৰম্ভ কৰিছিল ২০১৭ চনত আৰু সম্পৰ্ক ৰাজহুৱা কৰে ২০১৯ চনত।

তেওঁলোকে বিবাহপাশতো আৱদ্ধ হোৱাৰ কথা আছিল।

কিন্তু ২০২০ চনত কৰোণা মহামাৰীৰ বাবে বিয়া পিছুৱাই দিবলগা হৈছিল।

যোৱা চাৰি বছৰধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্যতম চেলিব্ৰেটি প্ৰেমিক যুগল হিচাপে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছিল।

দুয়োগৰাকী তাৰকাই তেওঁলোকৰ সম্পৰ্কৰ সময়খিনিত যিসকল লোকে তেওঁলোকক সহযোগ আৰু শুভেচ্ছা প্ৰদান কৰি আহিছিল, তেওঁলোকক ধন্যবাদ যাচিছে।

হলিউডৰ এগৰাকী জনপ্ৰিয় তাৰকা জেনিফাৰ লোপেজ এগৰাকী নৃত্যশিল্পী আৰু অভিনেত্ৰীও।

৫১ বৰ্ষীয় তাৰকাগৰাকীৰ কেইবাখনো চিনেমা ছুপাৰহিট হিচাপে বিবেচিত হৈছে।

আনহাতে, ৪৫ বৰ্ষীয় বেছবল তাৰকা ৰড্ৰগুৱেজে ২২ বছৰধৰি খেলবিধত দপদপাই ২০১৬ চনত অৱসৰ গ্ৰহণ কৰিছিল।