NORTHEAST NOW (Assamese)

ব্ৰেক-আপৰ এসপ্তাহৰ পিছতে জাৰ্মান ফুটবলাৰ জাৰ্মে ব’টাঙৰ প্ৰাক্তন প্ৰেয়সীৰ মৃতদেহ উদ্ধাৰ

February 11, 2021 10:51 am · এন ই নাও নিউজ
Updated: February 11, 2021 10:56 am

জৰ্মান বিশ্বকাপ বিজয়ী দলৰ ফুটবাৰ জাৰ্মে ব’টাঙৰ প্ৰাক্তন প্ৰয়েসী মডেল কাছিয়া লেনহাৰ্ডটৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ২৫ বছৰীয়া জাৰ্মান মডেলগৰাকীৰ মৃতদেহ বাৰ্লিনৰ নিজা এপাৰ্টমেন্টৰ পৰা উদ্ধাৰ কৰা হৈছে।

মডেলগৰাকীয়ে আত্মহত্যা কৰিছে নে নাই এই পৰ্যন্ত নিশ্চিত নকৰিলেও এই মৃত্যু সন্দেহজনক নহয় বুলি সদৰী কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে এসপ্তাহৰ পূৰ্বে জাৰ্মে ব’টাঙ আৰু কাছিয়াৰ প্ৰেমৰ সম্পৰ্ক যতি পৰিছিল।

যোৱা ২ ফেব্ৰুৱাৰিত ব’টাঙে আনুষ্ঠানিকভাৱে কাছিয়াৰ সৈতে থকা ১৫ মহীয়া প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ হোৱা বুলি ঘোষণা কৰিছিল।

২০১২ চনৰ জাৰ্মানৰ জনপ্ৰিয় শ্ব’ টিভি ‘জাৰ্মানীছ নেক্সট টপ মডেল’ৰ পৰা এগৰাকী পৰিচিত মডেল ৰূপে প্ৰতিষ্ঠা লাভ কৰা কাছিয়াই ফুটবলাৰ ব’টাঙৰ সৈতে যোৱা ১৫ মাহ ধৰি প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছিল।

ইফালে জাৰ্মান তথা বেয়াৰ্ণ মিউনিখৰ ফুটবলাৰ ব’টাঙে ঘোষণা কৰিছিল যে যোৱা ৫ জানুৱাৰিত ব’টাঙ মিনিত সংঘটিত গাড়ী দুৰ্ঘটনাত কাছিয়া জড়িত থকাৰ পিছতে তেওঁ কাছিয়াৰ সৈতে সম্পৰ্ক চ্ছেদ কৰিছে। উক্ত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত কাছিয়াৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল আৰু তেওঁৰ শৰীৰত মাদক দ্ৰব্যৰ উপস্থিতিৰ ধৰা পৰিছিল।

কাছিয়াৰ মৃত্যুৰ পিছত ব’টাঙৰ কোনো প্ৰতিক্ৰিয়া জানিব পৰা হোৱা নাই। বিশ্ব ক্লাৱ ফুটবল ফাইলেন খেলত অংশগ্ৰহণ কৰাৰ বাবে বেয়াৰ্ণ মিউনিখ দলৰ সৈতে ব’টাঙ কাটাৰত আছে বুলি বাতৰিত প্ৰকাশ পাইছে।

আনহাতে ঘটনাৰ সন্দৰ্ভত বেয়াৰ্ণ মিউনিখেও এই পৰ্যন্ত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

Related News