• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসৎ উদ্দেশ্য নাছিল, সকলোৱে যোৱাৰ বাবেহে লাল কিল্লালৈ গৈছিলো : আৰক্ষীৰ জেৰাত দীপ সিদ্ধু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 11, 2021 11:45 am

2 min read

Deep-Singh-Sidhu
355
VIEWS
Share on FacebookShare on Twitter

কোনো অসৎ বা হিংসাত্মক কাণ্ড সংঘটিত কৰাৰ মানসেৰে লাল কিলালৈ যোৱা নাছিলো বুলি দাবী কৰিছে যোৱা ২৬ জানুৱাৰিৰ লাল কিলাৰ হিংসাত্মক কাণ্ডত জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিনেতা দীপ সিদ্ধুৱে।

দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ জেৰাত দীপ সিদ্ধুৱে সকলোৱে লালি কিল্লালৈ যোৱাৰ বাবেহে তেওঁ তালৈ যোৱা বুলি প্ৰকাশ কৰিছে।

২৬ জানুৱাৰিৰ গণতন্ত্ৰ দিৱসৰ দিনা কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত লাল কিল্লাত সংঘটিত হিংসাত্মক কাণ্ড দীপ সিদ্ধুৱে সংঘটিত কৰোৱা বুলি অভিযোগ উত্থাপন হৈছিল।

সেই দিনাই লাল কিল্লাৰ বিক্ষোভস্থলীৰ পৰা এখন মটৰ চাইকেলত উঠি দীপ সিদ্ধুৱে দিল্লীৰ পৰা পলয়ান কৰি দুসপ্তাহৰো অধিক দিন আত্মগোপন কৰি আছিল।

মংগলবাৰে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত বুধবাৰে আদালতে দীপ সিদ্ধুক সাত দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে অপৰাধ অনুসন্ধান শাখাক চমজাই দিছে দীপ সিদ্ধুক।

অপৰাধ শাখাই চলোৱা জেৰাত দীপ সিদ্ধুৱে ২৫ জানুৱাৰিত চিংঘু সীমান্তত নাছিল বুলি দাবী কৰিছে। কিন্তু আৰক্ষীয়ে তেওঁ উক্ত দিনা চিংঘু সীমান্তৰ প্ৰতিবাদস্থলীত থকাৰ প্ৰমাণ মজুত আছে বুলি দাবী কৰিছে।

অভিযুক্ত অভিনেতাজনে দাবী কৰিছে যে ২৬ জানুৱাৰিত পুৱা শুই উঠি দেখে যে তেওঁৰ মোবাইলত কেইটামান মিছড কল আছিল আৰু প্ৰতিবাদী কৃষকসকলে লাল কিল্লালৈ যাব বুলি তেওঁলৈ কোনাবাই মেচেজ প্ৰেৰণ কৰি থৈছিল। তেওঁ দুজনমান বন্ধুক লৈ সেয়ে লাল কিল্লাত উপস্থিত হোৱা বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে।

লাল কিল্লাত জাতীয় পতাকাৰ সৈতে অন্য পতাকা উত্তোলন কৰাৰ কাণ্ডতো তেওঁ জড়িত নাই বুলি অপৰাধ শাখাৰ জেৰাত দাবী কৰিছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

অৱশ্যে দীপ সিদ্ধুৱে নিজকে নিৰ্দোষী বুলি দাবী কৰি আহিলেও অপৰাধ শাখাই দীপ সিদ্ধুক মাৰথান জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd