সহপাঠীয়ে প্ৰাণ ল’লে সহপাঠীৰঃ ৬ দিন পিছত কুঁৱাত উদ্ধাৰ মৃতদেহ

cattle thief dies after public assault

প্ৰতিনিধিত্বমূলক ছবি

ঝাৰখণ্ডত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ডই দখল কৰিছে সংবাদ শিৰোনাম। সহপাঠীৰ হাতত প্ৰাণ হেৰুৱাইছে এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰই।

যোৱা সপ্তাহত নিৰুদ্দেশ হোৱা ছাত্ৰগৰাকীৰ মৃতদেহ আজি উদ্ধাৰ হয় এটা কুঁৱাত। ঝাৰখণ্ডৰ হাজাৰীবাগ জিলাত এই সংঘটিত হৈছে এই হত্যাকাণ্ড।

স্থানীয় এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰা মতে, ছাত্ৰজনে ৬ জানুৱাৰীত সহপাঠী কেইজনমানৰ সৈতে কোনো বিবাদ নিষ্পত্তি কৰিবলৈ ওলাই গৈছিল।

কিন্তু ওলাই যোৱাৰ পিছৰ পৰা ঘৰলৈ উভতা নাছিল ছাত্ৰগৰাকী। এনে অৱস্থাত ছাত্ৰগৰাকীৰ পিতৃ-মাতৃয়ে স্থানীয় আৰক্ষী থানাত তেওঁৰ নিৰুদ্দেশৰ অভিযোগ দাখিল কৰে।

এই অভিযোগৰ আধাৰত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। ঘটনাৰ ছয়দিন পিছত অঞ্চলটোৰ এটা কুঁৱাত আৰক্ষীয়ে এটা মৃতদেহ উদ্ধাৰ কৰে।

মৃতদেহটো উদ্ধাৰৰ পিছতে আৰক্ষীয়ে নিৰুদ্দিষ্ট ছাত্ৰগৰাকীৰ পিতৃ-মাতৃক খবৰ দিয়ে আৰু তেওঁলোকে মৃতদেহটো নিজ সন্তানৰ বুলি চিনাক্ত কৰে।

ছাত্ৰজনক ডিঙি চেপি হত্যা কৰা বুলি সন্দেহ কৰা হৈছে যদিও মৃত্যুৰ সঠিক কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

তদন্তক বিপথে পৰিচালিত কৰিবলৈ মৃতদেহটো কুঁৱাটোত পেলাই দিয়া হৈছে বুলিও আৰক্ষীয়ে লগতে কয়।

হত্যাকাণ্ডৰ সৈতে জড়িত ছাত্ৰগৰাকীৰ দুজন সহপাঠীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আন কেইগৰাকীৰ সন্ধানত অভিযান অব্যাহত আছে বুলি আৰক্ষীয়ে লগতে সদৰী কৰে।