ঝাৰখণ্ডৰ নৱ নিৰ্বাচিত মুখ্য মন্ত্ৰী হেমন্ত ছোৰেনে উপহাৰ হিচাপে ফুলৰ তোড়াৰ পৰিৱৰ্তে কিতাপ আগবঢ়াবলৈ আহ্বান জনাইছে।
ঝাৰখণ্ডৰ শেহতীয়া নিৰ্বাচনত বিজেপি চৰকাৰক উৎখাত কৰি ৰাজ্যখনৰ নতুন মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা হেমন্ত ছোৰেনক বিভিন্ন লোকে নিৰ্বাচনত বিজয়ৰ পাছতে উপহাৰ হিচাপে ফুলৰ তোড়াৰে শুভেচ্ছা জ্ঞাপন কৰিছিল।
ফুলৰ তোড়াৰ উপহাৰ লাভ কৰাৰ পাছত ছোৰেনে অনুৰাগী সকলক ফুলৰ তোড়াৰ সলনি কিতাপৰ তোপলা আগবঢ়াবলৈ আহ্বান জনাই আৰু মুখ্য মন্ত্ৰী গৰাকীৰ আহ্বানৰ পাছতে অনুৰাগী সকলে তেওঁলৈ ২৪ ঘণ্টাৰ ভিতৰতে ২০০ খন কিতাপ আগবঢ়ায়।
এই কথাত অতি আনন্দিত হৈ পৰা মুখ্য মন্ত্ৰী হেমন্ত ছোৰেনে উপহাৰস্বৰূপে লাভ কৰা কিতাপেৰে এটা গ্ৰন্থাগাৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে।
ছোৰেনে পৰৱৰ্তী সময়ত ৰাইজে উপহাৰ হিচাপে আগবঢ়োৱা কিতাপেৰে নিৰ্মাণ কৰিবলগীয়া গ্ৰন্থাগাৰটোক বিশাল ৰূপ দিয়াৰ বাবে চেষ্টা কৰিব বুলিও কয়।
উল্লেখযোগ্য ঝাৰখণ্ডৰ শেহতীয়া নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছে মিত্ৰজোট হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ শাসনাধিষ্ঠ বিজেপিক পৰাস্ত কৰি চৰকাৰ গঠন কৰে।