ৰিলায়েন্স জিঅ’ই ইন্টাৰনেট ডাটাৰ মূল্য লাহে লাহে বৃদ্ধিৰ প্ৰস্তাৱ দিলে ভাৰতীয় টেলিকম নিয়ন্ত্ৰক কৰ্তৃপক্ষ(TRAI)ক।
টেলিকম সংস্থাসমূহে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ দিনে দিনে নানা ৰকমৰ তাৰিফ অ’ফাৰ ঘোশণা কৰি আহিছে। ইয়াৰ ফলত লোকচানৰ সন্মুখীন হৈছে টেলিকম উদ্যোগ।
এনে পৰিস্থিতিৰ পৰা সকাহ লাভৰ বাবে ডাটাৰ ফ্লোৰ প্ৰাইচ বা প্ৰাথমিক মূল্য স্থিৰ কৰিবলৈ ট্ৰাইক আহ্বান জনাইছে জিঅ’ই। তদুপৰি, একেবাৰতে দাম নবঢ়াই লাহে লাহে ডাটাৰ ফ্লোৰ প্ৰাইচ বৃদ্ধিৰ প্ৰস্তাৱো দিছে।
প্ৰতি জিবিত ১৫টকাৰ পৰা বৃদ্ধি কৰি ছয় মাহৰ পৰা নমাহৰ ভিতৰত প্ৰতি জিবিৰ মূল্য ২০ টকা নিৰ্দ্ধাৰণ কৰা হওক।
ৱায়াৰলেছ ডাটাৰ ৭এত্ৰতো এই নিয়ম প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ দিছে জিঅ’ই।
ইপিনে, কোম্পানীটোৱে ভইচ কলৰ তাৰিফ একে ৰখাৰ পৰামৰ্শ আগবঢ়াইছে। কিয়নো ভইচ কলৰ তাৰিফ মূল্য বৃদ্ধি কৰিলে গ্ৰাহকসকল অসুবিধাত পৰিব পাৰে।
জিঅ’ই ব্যক্তিগত আৰু কৰ্পোৰেট সকলো কানেকশ্যনতে এইদৰে লাহে লাহে মূল্য বৃদ্ধি কৰা হওক।
বিগত মাহত ভোডাফোন আইডিয়াই জনাইছিল যে তেওঁলোকে প্ৰতি জিবি ডাটাৰ ফ্লোৰ প্ৰাইচ ৩৫ টকা কৰা হওক। ইয়াৰ লগতে ভইচ কলতো প্ৰতি মিনিটত ৬পইচা বৃদ্ধি কৰা হওক।
টেলিকম কোম্পানীকেইটাই সস্তা অ’ফাৰ দিবলৈ গৈ লোকচানৰ সন্মুখীন হৈছে। সেয়েহে তেওঁলোকেও দাম বৃদ্ধিৰ প্ৰস্তাৱ দিছে।
এতিয়া এইক্ষেত্ৰত ট্ৰাইয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হৈ পৰিছে।