NORTHEAST NOW (Assamese)

পেহেলগাম কাণ্ডৰ প্ৰভাৱ! নাগপুৰত ফাৰ্মাচী কলেজত অধ্যয়নৰত কাশ্মীৰী ছাত্ৰক প্ৰহাৰ স্থানীয় লোকৰ

April 29, 2025 5:40 pm · এন ই নাও নিউজ, গুৱাহাটী

মঙলবাৰে আৰক্ষীয়ে জনোৱা মতে, নাগপুৰৰ এখন ফাৰ্মাচী কলেজত অধ্যয়নৰত জম্মু-কাশ্মীৰৰ এগৰাকী ছাত্ৰক স্থানীয় বাসিন্দাৰ এটা দলে প্ৰহাৰ কৰে। ছাত্ৰ জনক কিয় প্ৰহাৰ কৰা হ’ল সেই উদ্দেশ্য এতিয়াও স্পষ্ট হোৱা নাই বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে

দেওবাৰে সন্ধিয়া মহাৰাষ্ট্ৰ চহৰৰ কাম্পটি অঞ্চলত এই ঘটনা সংঘটিত হয় যদিও এতিয়ালৈকে ভুক্তভোগীৰ পৰা কোনো অভিযোগ পোৱা নাই বুলি আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।

তেওঁ কয় যে ডোডা চহৰ আৰু জম্মুৰ পৰা অহা প্ৰথম বৰ্ষৰ ফাৰ্মাচীৰ স্নাতক দুজন ছাত্ৰই নিজৰ হোষ্টেললৈ উভতি অহাৰ সময়ত স্থানীয় বাসিন্দাৰ এটা দলে সেই স্থানলৈ আহি পথৰ দাঁতিত থিয় হৈ থকা এজন ছাত্ৰক সোধা-পোছা কৰিবলৈ ধৰে আৰু তেওঁ কৰ পৰা আহিছে জানিব বিচাৰে। তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ নিদিয়াৰ বাবে বাসিন্দাসকলে তেওঁক মাৰপিট কৰে বুলি বিষয়াগৰাকীয়ে জনায়।

ইফালে আনজন ছাত্ৰই বাসিন্দাসকলক জনাইছিল যে দুয়োজনেই স্থানীয় এখন মহাবিদ্যালয়ৰ ছাত্ৰ। ইয়াৰ পিছত স্থানীয় লোকে তেওঁলোকক যাবলৈ অনুমতি দিয়ে বুলিও তেওঁ কয়।

পিছত এজন ছাত্ৰই জে এণ্ড কে ষ্টুডেণ্টছ এছচিয়েশ্যনৰ বিষয়ববীয়া নাছিৰ খুয়েহামীক এই বিষয়ে অৱগত কৰে আৰু তেওঁ নিজৰ এক্স একাউণ্টত এই বিষয়ে পোষ্ট কৰি মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছক বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ছাত্ৰজনে জানিবলৈ দিয়া মতে, সন্ধিয়া প্ৰায় ৬.১৫ বজাত কাম্পটিৰ এটা পথত ৰৈ থাকোতে এই ঘটনা সংঘটিত হয়। দুজনৰ পৰা তিনিজন ব্যক্তিয়ে সেই স্থানলৈ আহি তেওঁলোকক সুধিলে যে তেওঁলোক কোন আৰু ক’ৰ পৰা আহিছে। ছাত্ৰজনে কয় যে তেওঁ তেওঁলোকক জনাইছিল যে তেওঁলোক জম্মু-কাশ্মীৰৰ। ইয়াৰ পিছতে তেওঁলোকক আক্ৰমণ কৰা হয়।

Related News