• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ছল চাই কঠীয়া পৰাৰ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে : সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়িকা শিৱামণি বৰাৰ ওপৰত চলা আক্ৰমণৰ প্ৰতিবাদত আৰক্ষী সঞ্চালক প্ৰধানক স্মাৰক পত্ৰ কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 29, 2025 5:03 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ উত্থানত শংকিত হৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ছদ্মবেশী বিজেপি গুণ্ডাই কংগ্ৰেছ নেতা-কৰ্মীৰ ওপৰত জঁপিয়াই পৰিছে। নিয়মিতভাৱে ঘটি থকা এই গুণ্ডাৰাজ বন্ধ নকৰিলে অসম আৰক্ষীৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হাৰমীত সিঙক আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছত কংগ্ৰেছ দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এইদৰে কয়।

ইয়াৰ পূৰ্বে প্ৰাক্তন সাংসদ বলীন কুলী আৰু প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱাৰ নেতৃত্বত এটা প্ৰতিনিধি দলে ডিজিপি হাৰমীত সিঙক সাক্ষাৎ কৰি দেওবাৰে নগাঁৱত সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ ওপৰত হোৱা আক্ৰমণৰ তদন্ত কৰিবলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে। সাংসদ বলীন কুলীয়ে আৰক্ষী সঞ্চালক প্ৰধানজনক কয় যে আপোনালোকে বিজেপিৰ ‘বি’ টীমৰ দৰে কাম কৰিছে। অসম আৰক্ষীৰ গৰিমা ম্লান কৰাৰ কলংক আপোনালোকে নল’ব বুলি উল্লেখ কৰি তেওঁ কংগ্ৰেছ কৰ্মীৰ ওপৰত চলি থকা অহৰহ অত্যাচাৰৰ বাবে আৰক্ষীক দোষাৰোপ কৰে। আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কৰিব নোৱৰা বাবেই নগাঁও, শোণিতপুৰ, ধেমাজি জিলাৰ লগতে বৰাক উপত্যকাত বিজেপিৰ গুণ্ডাবাহিনীয়ে কংগ্ৰেছ নেতা-কৰ্মীৰ ওপৰত আক্ৰমণ চলাবলৈ সাহস কৰিছে। আৰক্ষীক ৰাজনৈতিক মেৰপেচৰ পৰা উদ্ধাৰ কৰি নিজৰ দায়িত্ব পালন কৰিবলৈকো প্ৰাক্তন সাংসদগৰাকীয়ে আহ্বান জনায়।

Apply Now

আৰক্ষী সঞ্চালকপ্ৰধানজনে লিখিত অভিযোগসমূহৰ তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে। শোণিতপুৰ জিলাৰ নদুৱাৰত আৰক্ষীয়ে পক্ষপাতিত্বমূলক আচৰণ কৰা বুলি উল্লেখ কৰি এজাহাৰ গ্ৰহণ কৰিও দুষ্কৃতিকাৰীক শাস্তি নিদিয়াৰ অভিযোগ তোলে প্ৰতিনিধি দলটোৱে। আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰা দলটোত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা, সেৱা দলৰ অধ্যক্ষ দীপ বায়ন, সম্পাদক মইনাজান বেগম, মৌচুমী নেওগ, প্ৰণৱ কুমাৰ শইকীয়া, মুখপাত্ৰ ইমদাদুল হুছেইন, ৰূপা কলিতাকে ধৰি কেবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে। আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰাৰ পিছত কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে সাংবাদিকৰ আগত কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা-কৰ্মীৰ ওপৰত নিৰ্যাতন চলাবলৈ আৰক্ষীক গোপনে নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীজনে সংখ্যালঘু এলেকাত ভোট বিচাৰি উজনি অসমত বিজেপিক সংখ্যালঘুৰ ভোট নালাগে বুলি দম্ভালি মাৰি সাম্প্ৰদায়িক ৰাজনীতি অব্যাহত ৰাখিছে।

কংগ্ৰেছ দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে মুখ্যমন্ত্ৰী ছল চাই কঠীয়া পাৰি ৰাজনৈতিক মুনাফা আদায় কৰিব বিচাৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd