NORTHEAST NOW (Assamese)

কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা নিৰোদ শৰ্মাৰ নশ্বৰদেহ গুৱাহাটীত উপস্থিত

June 13, 2019 9:08 pm · এন ই নাও নিউজ
Updated: June 13, 2019 9:10 pm

১২ জুন অৰ্থাৎ বুধবাৰে দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত সংঘটিত এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা চি আৰ পি এফৰ উপ-পৰিদৰ্শক নিৰোদ শৰ্মাৰ নশ্বৰদেহ আহি গুৱাহাটীত পাইহি। গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত শ্বহীদ গৰাকীৰ নশ্বৰদেহ আহি পোৱাৰ পিছতে শ্ৰদ্ধাঞ্জলিৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয়।

সেই অনুসৰি উদ্যোগ আৰু বাণিজ্য, পৰবিহণ ইত্যাদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে প্ৰয়াত শ্বহীদ গৰাকীৰ শৱদেহত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ মাল্যৰ্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পিছতে নলবাৰী জিলাৰ নিজ গৃহলৈ শ্বহীদ গৰাকীৰ নশ্বৰ দেহৰ শেষ যাত্ৰাত মন্ত্ৰী পাটোৱাৰীয়ে সংগ দিয়ে।

শ্বহীদ নিৰোদ শৰ্মাৰ ঘৰ নলবাৰীৰ বৰমাৰ দহকাউনীয়াত। তেওঁ ১১৬ নং চি আৰ পি এফ বেটেলিয়নৰ বি (ব্ৰেভো) কোম্পানীৰ সহকাৰী উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত আছিল। তেওঁ পত্নীসহ দুই কন্যা সন্তান আৰু মাতৃক এৰি থৈ গৈছে।

উল্লেখযোগ্য যে ১৯৯১ চনত চি আৰ পি এফত যোগদান কৰিছিল চহিদ বিষয়াগৰাকীয়ে। সুদীৰ্ঘ ২৭ বছৰ ধৰি দেশ সেৱাত নিয়োজিত নিৰোদ শৰ্মা বিগত ১০ বছৰ ধৰি আছিল জম্মু–কাশ্মীৰত।

Related News