NORTHEAST NOW (Assamese)

সোমবাৰে পত্নীৰে সৈতে কৰ’নাৰ ভেকচিন ল’ব আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেনে

December 21, 2020 12:16 pm · এন ই নাও নিউজ
পত্নীৰ সৈতে জো বিডেন।

আজি সোমবাৰে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেন আৰু তেওঁৰ পত্নী জিল বিডেনে কৰ’নাৰ ভেকচিন ল’ব। তেওঁলোকে ফাইজাৰৰ কৰ’না ভেকচিন ৰাজহুৱাকৈ গ্ৰহণ কৰিব।

জো বিডেনৰ প্ৰেছ সচিব জেন প্যাছাকিয়ে এই কথা জানিবলৈ দিছে।

আনহাতে, আমেৰিকাৰ নৱ নিৰ্বাচিত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে আৰু তেওঁৰ স্বামী ডগলাছ এমহফে অহা সপ্তাহত কৰ’নাৰ ভেকচিন গ্ৰহণ কৰিব।

ইপিনে, ইয়াৰ পূৰ্বে শুকুৰবাৰে দেশখনৰ উপ-ৰাষ্ট্ৰপতি মাইক পেন্স আৰু হাউছ স্পীকাৰ নেন্সি পেল’ছিয়ে কৰ’নাৰ ভেকচিন ল’ব।

কৰ’না মহামাৰীয়ে বিশ্বৰ ভিতৰতে আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত কৰি আমেৰিকা যুক্তৰাষ্ট্ৰক।

দেশখনত কৰ’নাত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক হোৱাৰ উপৰি মৃত্যুৰ সংখ্যাও বিশ্বৰ ভিতৰতে সৰ্বাধিক।

নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেনে কৰ’না প্ৰতিৰোধৰ ক্ষেত্ৰত তেওঁৰ দৃঢ়তা আৰু সংকল্পৰ কথা প্ৰকাশ কৰিছে।

Related News