NORTHEAST NOW (Assamese)

জেপিআৰ জংছনৰ ৰে’ল য়াৰ্ডত ব্যৱসায়ীক সঘনে ধন দাবী কৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ

August 20, 2018 9:42 pm · স্মিতা ভট্টাটাৰ্য

যোৰহাট টাউনত শেহতীয়াভাৱে ব্যাপক আইন-কানুনজনিত সমস্যাৰ সৃষ্টি হোৱাৰ লগতে সামন্তৰালভাৱে বৃদ্ধি পাই আহিছে ধন দাবী, মৃত্যুৰ ভাবুকি দিয়া আদি বিভিন্ন অপৰাধৰ ঘটনা।

কালি যোৰহাটৰ মালবাহী ৰে’লগাড়ীৰ পৰা সামগ্ৰী নমোৱা যোৰহাট প্ৰোভিঞ্চিয়েল ৰে’লৱেৰ (জেপিআৰ জংছনৰ) ৰে’ল য়াৰ্ডত  ব্যৱসায়ীসকলক নিয়মিতভাৱে ধন দাবী কৰি অহাৰ লগতে ভাবুকি দিয়াৰ অপৰাধত মনোজ শৰ্মা নামৰ লোক এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
যোৰহাটৰ আৰক্ষী অধীক্ষক ভৈৰৱ নিম্বালকাৰে কৈছে যে ব্যৱসায়ী সন্থাৰ এটা অভিযোগৰ ভিত্তিত যোৰহাট আৰক্ষী থানাত পঞ্জীয়ন কৰোৱা এটা গোচৰত শৰ্মাক গ্ৰেপ্তাৰ কৰা হয়।

ভাৰতীয় দণ্ডবিধিৰ  ১৪৩ (বেআইনী গোটৰ সদস্য) আৰু ৫০৬ (অপৰাধমূলক ভাবুকি দিয়া)ধাৰাৰ অধীনত যোৰহাট আৰক্ষী থানাত ১৯২১/২০১৮ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰা হয়।এই ধাৰা দুটা জামিনযোগ্য অপৰাধ হোৱা হেতুকে জি তেওঁক জামিনত মু্ক্তি দিয়া হয়।

Related News