অবিশ্বাস্য! ৪২ হাজাৰ কোটি টকাৰ বৃহৎ কোম্পানী কিন্তু নাই কোনো কাৰ্যালয়
চৰ্চাত জনি বাউফাৰহাটৰ অনলাইন কনফাৰেন্স হষ্টিং প্লেটফৰ্ম হ’পিন। অলপ দিনৰ সফলতাৰ পাছতেই আকাশচুম্বী কোম্পানীটোৰ স্থিতি।
বিশ্বাস নহ’লেও সত্য যে হাজাৰ হাজাৰ কোটি টকাৰ কোম্পানীটোৰ কোনো স্থায়ী কাৰ্যালয় নাই। ইয়াৰ সম্পূৰ্ণ কৃতিত্ব ব্ৰিটেইনৰ ২৭ বছৰীয়া বিলিয়’নাৰ চিইঅ’ জনি বাউফাৰহাটৰ।
বিবিচিৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই কথা। জানিব পৰা মতে, মাত্ৰ দুবছৰতেই কোম্পানীটোৰ মূল্য ৫.৬৫বিলিয়ন মাৰ্কিন ডলাৰ বা ৪.০৫ বিলিয়ন পাউণ্ড। ভাৰতীয় মুদ্ৰাত প্ৰায় ৪২হাজাৰ কোটি টকাৰ ওচৰাওচৰি।
এই বৃহৎ কোম্পানীটোৰ কৰ্মচাৰীৰ সংখ্যা ৫০০তকৈয়ো অধিক অথচ নাই কোনো স্থায়ী কাৰ্যালয়। আনকি যিসকলে ইয়াত কাম কৰে তেওঁলোকৰ বহুতৰে সৈতে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া জনি বাউফাৰহাটৰ সৈতে সাক্ষাতে হোৱা নাই।
বিবিচিৰ বাতৰি অনুসৰি, কোম্পানীটোৰ স্থায়ী কাৰ্যালয় নোহোৱা কথাটো জনিয়ে গুৰুত্বই নিদিয়ে কিয়নো তেওঁৰ আনকি নিজৰ বুলিবলৈও কোনো ঘৰো নাই।
স্পেইনৰ বাৰ্ছিলোনাত এয়াৰবিএনবিৰ জৰিয়তে ভাড়াত লোৱা কাৰ্যালয়ৰ পৰাই এই ডিজিটেল যাযাবৰ গৰাকীয়ে কয় যে স্থায়ী কাৰ্যালয় নথকাৰ বাবে ইমান কাম কৰিব পাৰি যিটো আন কোম্পানীবিলাকে আগতে কৰিব পৰা নাই।
উল্লেখযোগ্য যে ২০১৯চনৰ ৫জুনত ব্ৰিটেইনৰ অনলাইন কনফাৰেন্স হষ্টিং প্লেটফৰ্ম হ’পিন-য়ে মাত্ৰ ৬জন কৰ্মচাৰী লৈ কাম আৰম্ভ কৰিছিল। তাৰ পাছতে অতিমাৰী কৰ’না ভাইৰাছ হৈ পৰে তেওঁৰ বাবে আশীৰ্বাদ।
২০২০বৰ্ষত হ’পিনে ৰাষ্ট্ৰসংঘ, নাটো, শ্লেক তথা ইউনিলিভাৰৰ দৰে প্ৰতিষ্ঠানৰ প্ৰায় ৮০হাজাৰতকৈয়ো অধিক ইভেন্ট হ’ষ্ট কৰিছে। এনেকৈয়ে এই কোম্পানীটোৰ জয়যাত্ৰা অব্যাহত আছে।