আকৌ এবাৰ জনছন এণ্ড জনছনৰ বেবী পাউদাৰক লৈ বিতৰ্কই শিৰোণাম দখল কৰিছে। জনপ্ৰিয় জনছন এণ্ড জনছন কোম্পানীৰ বেবী পাউদাৰ বিশ্বৰ বহু লোকে ব্যৱহাৰ কৰে। কেইবছৰমানৰ আগতে এই বেবী পাউদাৰক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। এইবাৰ আদালতে কোম্পানীটোক কেন্সাৰ ৰোগ সৃষ্টি কৰা বেবী পাউদাৰৰ বাবে বৃহৎ অংকৰ জৰিমনাৰ নিৰ্দেশ দিয়ে।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি আমেৰিকাৰ কানেকটিকাটৰ বাসিন্দা বাদী ইভান প্লটকিনে জনায় যে ২০২১ চনত তেওঁৰ মেছ’থেলিঅ’মা ধৰা পৰিছিল।
লগতে পঢ়কঃ নাগৰিকত্ব আইনৰ ৬ এ ধাৰাৰ সাংবিধানিক বৈধতা সন্দৰ্ভত আজি ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে
ইয়াৰ পিছতে তেওঁ দাবী কৰে যে জনছন এণ্ড জনছন কোম্পানীৰ বেবী পাউদাৰ ব্যৱহাৰ কৰি তেওঁ কেন্সাৰ হৈছিল। দীৰ্ঘদিন ধৰি এই বেবী পাউদাৰ শ্বাস-প্ৰশ্বাসৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰি আহিছে। তেতিয়াৰ পৰাই তেওঁৰ বিৰল কৰ্কট ৰোগ ধৰা পৰিছে। ২০২১ চনত তেওঁ কোম্পানীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।
কানেকটিকাটৰ আগশাৰীৰ আদালতৰ ন্যায়াধীশে অভিযোগকাৰী ইভান প্লটকিনক জনছন এণ্ড জনছন কোম্পানীক ১৫ মিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ১২৬ কোটি টকা)জৰিমনা বিহাৰ নিৰ্দেশ দিছে।
উল্লেখ্য যে এই কোম্পানীটোৰ বিৰুদ্ধে আৰু আন হাজাৰ হাজাৰ গোচৰ ৰুজু হৈছে। কোম্পানীটোৰ বেবী পাউদাৰৰ বাবে এই পৰ্যন্ত ৬২ হাজাৰ গোচৰ ৰুজু হৈছে। এই বেবী পাউদাৰৰ ফলত বহু লোক ডিম্বাশয় আৰু স্ত্ৰীৰোগ সংক্ৰান্তীয় কৰ্কট ৰোগত আক্ৰান্ত বুলি গোচৰীয়াসকলৰ অভিযোগ।
লগতে পঢ়কঃ সন্তানৰ সন্মুখত পিতৃ-মাতৃয়ে কেতিয়াও কৰা উচিত নহয় এই ৫টা কাম; জানি লওক কোনকেইটা কাম
পূৰ্বে জনছন এণ্ড জনছন কোম্পানীয়ে মুঠ ৯ বিলিয়ন ডলাৰ জৰিমনা ভৰিবলগীয়া হৈছিল। এই গোচৰৰ বাবে জনছন এণ্ড জনছন কোম্পানীয়ে ২০২০ চনত আমেৰিকাত বেবী পাউদাৰৰ বিক্ৰী বন্ধ কৰি দিছিল।