• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব আইনৰ ৬ এ ধাৰাৰ সাংবিধানিক বৈধতা সন্দৰ্ভত আজি ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2024 8:42 am
ভাৰতৰ উচ্চতম ন্যায়ালয়।

ভাৰতৰ উচ্চতম ন্যায়ালয়।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৮৫ চনৰ ১৫ আগষ্টত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত নাগৰিকত্ব আইন, ১৯৫৫ত সন্নিৱিষ্ট কৰা ধাৰা ৬এৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ সন্দৰ্ভত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ কথা।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু ন্যায়াধীশ সূৰ্য্য কান্ত, এম এম সুন্দৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ সাংবিধানিক বিচাৰপীঠে ২০২৩ চনৰ ১২ ডিচেম্বৰত এই বিষয়ত ৰায় সংৰক্ষিত ৰাখিছিল।

শুনানি সমাপ্ত কৰাৰ পূৰ্বে আদালতে চাৰিদিন ধৰি এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমণি, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, জ্যেষ্ঠ অধিবক্তা শ্যাম দিভান, কপিল ছিবাল, সঞ্জয় হেজ, চি ইউ সিং আদিৰ যুক্তি শুনিছিল।

Apply Now

ভাৰতৰ ভূখণ্ডলৈ অবৈধ প্ৰব্ৰজন ৰোধৰ বাবে এতিয়ালৈকে কি পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই সন্দৰ্ভত আদালতে পূৰ্বে প্ৰশ্ন উত্থাপন কৰিছিল আৰু নাগৰিকত্ব আইন, ১৯৫৫ৰ ধাৰা ৬এ (২)ৰ অধীনত ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিতৰত অসমত নাগৰিকত্ব প্ৰদান কৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সংখ্যাৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

শুনানিৰ সময়ত মেহতাই পশ্চিম বংগত সীমান্ত বেৰ দিয়াৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ ওপৰত আলোকপাত কৰিছিল। তেওঁ কয় যে পশ্চিম বংগৰ “অসহযোগ”ৰ বাবে কেন্দ্ৰৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হৈছে। এজন অধিবক্তাই দাবী কৰিছিল যে পশ্চিম সীমান্ত স্পষ্টভাৱে কৰা হৈছিল যদিও পূব সীমান্তত ইয়াক তৰল কৰি ৰখা হৈছিল।

তেওঁ দাবী কৰিছিল যে ভাৰতীয় নাগৰিকত্ব নৃগোষ্ঠীয়-জাতীয়তাবাদী নহয়। তেওঁ কয় যে ই ভাষা, ধৰ্ম, সংস্কৃতিৰ ওপৰত ভিত্তি কৰি নহয় আৰু লগতে কোনো সময়ৰ বংশৰ ওপৰত ভিত্তি কৰি কোনো উচ্চ বা নীচ নাগৰিকত্ব নাই।

জ্যেষ্ঠ অধিবক্তা চি ইউ সিঙে দাবী কৰে যে আবেদনকাৰীসকলে কেৱল নিজৰ অধিকাৰ বিচৰা নাই বৰঞ্চ কেইবা দশক ধৰি আনৰ পৰা জমা হোৱা অধিকাৰ কাঢ়ি নিবলৈ চেষ্টা কৰিছে।

অসম চুক্তি অনুসৰি বিদেশী নিৰ্ণয়ৰ অনুমতি দিয়া ৬এ ধাৰাত সংবিধানৰ ১৪ নং অনুচ্ছেদ উলংঘা কৰা হোৱা নাই বুলিও তেওঁ কয়।

আন পক্ষৰ অধিবক্তা শ্বাদান ফৰাছাতে কয় যে সংস্কৃতিৰ অধিকাৰৰ গুৰুত্ব আছে যদিও কাৰোবাক নাগৰিকত্ব অস্বীকাৰ কৰিবলৈ ব্যৱহাৰ কৰা উচিত নহয়।

তেওঁ নাগৰিক জাতীয়তাবাদৰ পৰা সাংস্কৃতিক জাতীয়তাবাদলৈ সম্ভাৱ্য পৰিৱৰ্তনক লৈ উদ্বেগ প্ৰকাশ কৰি সংস্কৃতিক নাগৰিকত্বৰ বাবে অস্বীকাৰ কৰাৰ পৰিসৰলৈ উন্নীত কৰাৰ ধাৰণাক লৈ প্ৰশ্ন উত্থাপন কৰে।

আবেদনকাৰীসকলৰ হৈ জ্যেষ্ঠ অধিবক্তা শ্যাম দিভানে দাবী কৰে যে ধাৰা ৬এৰ অধীনত কোনো সময়গত সীমা নাই, অৰ্থাৎ আজিও কোনো ব্যক্তিয়ে ধাৰা ৬এৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে।

তেওঁ কয় যে ধাৰা ৬এ (২)ৰ অধীনত নাগৰিকত্ব প্ৰদানৰ মূল্যায়ন, পৰ্যালোচনা বা নিৰ্ধাৰণৰ কোনো যন্ত্ৰপাতি বা ব্যৱস্থা নাই আৰু ধাৰা ৬এৰ আঁচনিৰ এইটো এটা “মাৰাত্মক ত্ৰুটি”।

অসম চুক্তি ৰূপায়নৰ বাবে ১৯৮৫ চনৰ ডিচেম্বৰ মাহত এই বিধান এই আইনত সন্নিৱিষ্ট কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ মাজত অসম চুক্তি স্বাক্ষৰিত হৈছিল।

১৯৭১ চনৰ ২৬ মাৰ্চত তেতিয়া পূব পাকিস্তান নামেৰে পৰিচিত বাংলাদেশে পশ্চিম পাকিস্তানৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত অসমৰ সংগঠনকেইটাই বাংলাদেশীৰ অবৈধ প্ৰব্ৰজনৰ বিৰুদ্ধে আন্দোলন চলাইছিল। নাগৰিকত্ব আইনত ৬এ ধাৰা সংযোজন কৰি আছু আৰু গণ সংগ্ৰাম পৰিষদৰ উদ্বেগ দূৰ কৰাৰ লগতে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা বিদেশী অনুপ্ৰৱেশকাৰীক চিনাক্তকৰণ আৰু বহিষ্কাৰ কৰাৰ সিদ্ধান্ত হৈছিল।

কিন্তু ৬এ ধাৰাত ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পূৰ্বে বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা সকলো অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰা হৈছিল। তদুপৰি, ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত অসমত প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীক ১০ বছৰ ভোটাধিকাৰ অবিহনে ভাৰতীয় নাগৰিক হিচাপে গণ্য কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd