NORTHEAST NOW (Assamese)

বোকাখাত পালেহি সংকল্প যাত্ৰাৰ দল; নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে পথ সভা

November 13, 2018 10:23 pm · উত্তম শইকীয়া

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ ৭০ টা সংগঠনে শদিয়াৰ পৰা দিচপুৰলৈ বুলি উলিওৱা সংকল্প যাত্ৰা আজি বিয়লি আহি বোকাখাতত উপস্থিত হয়।

উল্লেখযোগ্য যে শদিয়াৰ পৰা মটৰ চাইকেলেৰে আৰম্ভ কৰা এই যাত্ৰাৰ সময়ত ৭০টা দলৰ প্ৰতিনিধিয়ে ঠায়ে ঠায়ে পথ সভা আৰু প্ৰচাৰপত্ৰ বিতৰণ কৰি বিধেয়কখনৰ বিৰুদ্ধে সচেতনতাৰ সৃষ্টি কৰে।

ইয়াৰ অংশ হিচাপে আজি বিয়লি বোকাখাত নগৰতো উপস্থিত হৈ সংকল্প যাত্ৰাৰ অংশগ্ৰহণকাৰী সকলে পথ সভা অনুষ্ঠিত কৰি বোকাখাততেই সংকল্প যাত্ৰাৰ আজিৰ দিনটোৰ যাত্ৰাৰ সামৰণি মাৰে ৷

সন্ধ্যা আয়োজিত এক মত বিনিময় অনুষ্ঠানত কৃষক নেতা অখিল গগৈ, টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি লিটল বুঢ়াগোহাঁই, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সম্পাদক জিতুল ৰাজখোৱা, গোৰ্খা ছাত্ৰ সন্থাৰ ৰুদ্ৰ ছেত্ৰী, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতাই অংশগ্ৰহণ কৰে।

সংকল্প যাত্ৰাৰ প্ৰতিনিধি সকলে নিশাটো বোকাখাতত কটায় কাইলৈ পুৱা দিচপুৰলৈ বুলি যাত্ৰা কৰিব।

Related News