নামৰূপ সাৰ কাৰখানা বন্ধৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা জেচিটিইউৰ

নীতি আয়োগৰ পৰামৰ্শৰ দোহাই দি নামৰূপৰ সাৰ কাৰখানাটো বন্ধ কৰাৰ বাবে লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ জেচিটিইউ, অসমে (JOINT COUNCIL OF TRADE UNIONS, ASSAM) তীব্ৰ বিৰোধিতা কৰিছে। জেচিটিইউৰ যুটীয়া আহ্বায়ক ভবেন্দ্ৰ কুমাৰ কলিতা আৰু গৰ্গ তালুকদাৰে প্ৰেৰণ কৰা এক বিবৃতিত এই কথা সদৰী কৰিছে।

কোৱা হৈছে যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটটি কাৰ্যক্ষম কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুঁজি আৱন্টন কৰাৰ কথা আছিল। কিন্তু ওলোটা খৰ মাৰি অসমৰ ৰাজহুৱা খণ্ডৰ উদ্যোগটি বন্ধ কৰাৰ সিদ্ধান্ত ল’লে। এয়া অসম বাসীৰ বাবে চৰম প্ৰতাৰণা।

লগতে পঢ়ক: হিংসাৰ পৰা ৰক্ষা নপৰিল স্বাধীনতা সংগ্ৰামীৰ ঘৰো; জীৱন্তে জ্বলাই দিয়া হৈছে তেওঁৰ পত্নীক

বিবৃতিটোত আহ্বায়কদ্বয়ে কয়, ‘’অসমত এনেয়ে উদ্যোগ প্ৰতিষ্ঠান তাকৰীয়া। যাতায়তৰ অসুবিধা, ব্যৱসায়ৰ বাবে অসুচলতাৰ অজুহাতত ব্যক্তিগত খণ্ডৰ উদ্যোগপতি সকল অসমত বিনিয়োগ কৰাৰ বাবে আগ্ৰহী নহয়। অসমত ৰাজহুৱা খণ্ডত উদ্যোগ স্থাপন নহ’লে ৰাজ্যখনৰ উদ্যোগীক বিকাশ সম্ভৱ নহয়। কিন্তু যি কেইটা ৰাজহুৱা খণ্ডৰ উদ্যোগ অসমত আছিল ,এটাৰ. পিছত এটা বন্ধ হৈ আছে।‘’

তেওঁলোকে লগতে কয়, ‘’জাগীৰোড আৰু পাঁচ গ্ৰামৰ কাগজ কল বন্ধ হোৱাৰ পিছত নামৰূপৰ সাৰ কাৰখানাটো বন্ধ কৰাৰ সিদ্ধান্ত দুৰ্ভাগ‌্যজনক। ৰাজ্যখনৰ ২২লাখ নিবনুৱাৰ প্ৰতি ই এক চৰম বিশ্বাসঘাতকতা। ডাবল ইঞ্জিন চৰকাৰৰ দিনত অসম দেশৰ আগশাৰীৰ শিল্পোন্নত ৰাজ্যত পৰিণত হোৱাৰ কথা কোৱা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে শিল্প উদ্যোগৰ ক্ষেত্ৰত পিছপৰা ৰাজ্যখনৰ ৰাজহুৱা খণ্ডৰ উদ্যোগটি বন্ধ কৰাৰহে সিদ্ধান্ত ললে।‘’

লগতে পঢ়ক: মহিলাৰ সৈতে অসৎ আচৰণৰ বাবে উলিয়াই দিয়া ব্যক্তিয়ে ‘প্ৰতিশোধ’ত জ্বলাই দিলে বাৰ! মৃত ১১ জন

জেচিটিইউ, অসমে নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলন গঢ়ি তোলাৰ বাবে অসমৰ শ্ৰমিক কৰ্মচাৰী সকলক আহ্বান জনায়।