NORTHEAST NOW (Assamese)

অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত নিহত জঈছ-ই-মহম্মদৰ সদস্য

November 11, 2022 2:53 pm · এন ই নাও নিউজ, গুৱাহাটী

জম্মু-কাশ্মীৰত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। যোৱা বৰ্ষৰ শেষৰ ফালৰ পৰা উপত্যকাটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাই আছে নিৰাপত্তাৰক্ষীয়ে। ভাৰতীয় সেনা আৰু কাশ্মীৰ আৰক্ষীৰ যুটীয়া অভিযানত এতিয়ালৈকে নিহত হৈছে প্ৰায় দুই শতাধিক সন্ত্ৰাসবাদী।

এনে ধাৰাবাহিক অভিযানৰ মাজতে আজি পুৱাৰ পৰা উপত্যকাটোত পুনৰ এক এনকাউণ্টাৰ চলাইছে নিৰাপত্তাৰক্ষীয়ে। জম্মু-কাশ্মীৰৰ শ্বপিয়ানৰ কাপ্ৰেন অঞ্চলত আজি পুৱাৰ পৰা ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক যুটীয়া অভিযান আৰম্ভ কৰে।

 

এই অভিযানৰ সময়ত দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত জঈছ-ই-মহম্মদৰ এগৰাকী সন্ত্ৰাসবাদী নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে। কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে কাপ্ৰেনত এই এনকাউণ্টাৰ এতিয়াও অব্যাহত আছে।

কাশ্মীৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে এক বিবৃতিত উল্লেখ কৰা মতে নিহত জঈছ-ই-মহম্মদৰ সদস্যগৰাকীক কামৰান ভাই ওৰফে হানিছ বুলি চিনাক্ত কৰা হৈছে। হানিছ বিগত সময়চোৱাত কুলগাম-শ্বপিয়ান অঞ্চলত যথেষ্ট সক্ৰিয় হৈ আছিল বুলি তেওঁ লগতে কয়।

Related News