পুনৰ উত্তপ্ত মণিপুৰ! উগ্ৰপন্থীৰ ঘাটি ধ্বংস কৰাত ব্যস্ত আৰক্ষী তথা কেন্দ্ৰীয় বাহিনী; দুইপক্ষৰ সংঘৰ্ষত ৫জনৰ মৃত্যু

মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীয়ে উগ্ৰপন্থীৰ বাংকাৰ ধ্বংস কৰিছে।

পুনৰ উত্তপ্ত মণিপুৰ! ৰাজ্যখনত অব্যাহত আছে উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনা। ড্ৰোন আক্ৰমণৰ সমান্তৰালকৈ ৰকেট আক্ৰমণো চলিছে।

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰৰ পৰা মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীয়ে সম্ভাৱ্য উগ্ৰপন্থী শিবিৰৰ সন্ধানত কম্বিং অনুসন্ধান আৰম্ভ কৰিছে। উগ্ৰপন্থীৰ তিনিটা বাংকাৰ ধ্বংস কৰা হৈছে। এই অভিযানৰ মাজতে জিৰিবাম জিলাত দুটা গোটৰ মাজত হোৱা সংঘৰ্ষত কমেও ৫জন লোক নিহত হয়।

উল্লেখ্য যে যোৱা ১ আৰু ২ ছেপ্টেম্বৰত কাংপকপি আৰু পশ্চিম ইম্ফল জিলাত বিস্ফোৰক ভৰ্তি ড্ৰোন আক্ৰমণত দুজন লোক নিহত হৈছিল। আহত হৈছিল ৭ জন লোক। মেইটেই অধ্যুষিত এলেকাত সংঘটিত হৈছিল এই আক্ৰমণ। মণিপুৰ চৰকাৰে দাবী কৰিছিল যে কুকি উগ্ৰপন্থীয়ে এই অপৰাধ সংঘটিত কৰিছে।

লগতে পঢ়কঃ প্ৰতি ১৩ দিনত এজন অপৰাধীক হত্যা! ৭ বছৰত যোগী ৰাজ্য উত্তৰ প্ৰদেশত ১৩ হাজাৰ এনকাউণ্টাৰ

বিষ্ণুপুৰ জিলাৰ মৈৰাঙৰ ফিৱাংবাম লেইকাই অঞ্চলত শুকুৰবাৰে বিয়লি প্ৰাক্তন মুখ্যমন্ত্ৰী মাইৰেম্বম কাইৰেং সিঙৰ ঘৰৰ চৌহদত ৰকেট নিক্ষেপ কৰা হয়। ৰে ৰাবেই (৭০) নামৰ এজন বৃদ্ধ স্থানীয় পুৰোহিতৰ মৃত্যু হয়। আন কেইবাজনো লোক আহত হয়।

এই আক্ৰমণৰ পিছত মেইটেইসকলে দাবী কৰে যে কুকিয়ে এই আক্ৰমণ সংঘটিত কৰিছে। কিন্তু কুকিসকলে দাবী কৰে যে মেইটেইসকল এই কাণ্ডৰ লগত জড়িত। এনে পৰিস্থিতিত বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ অঞ্চলৰ বিভিন্ন অঞ্চলত শনিবাৰে পুৱাৰে পৰা তালাচী অভিযান আৰম্ভ হোৱাৰ লগে লগে বিতৰ্ক আৰম্ভ হয়।

কুকি সংগঠনসমূহে অভিযোগ উত্থাপন কৰিছে যে আৰক্ষী আৰু মেইটেই উগ্ৰপন্থীয়ে সংগঠিত অভিযান আৰম্ভ কৰি অঞ্চলটো দখল কৰাৰ বাবে চেষ্টা চলাইছে।

লগতে পঢ়কঃআইনগতভাৱে ভাং খেতি কৰা হ’ব হিমাচল প্ৰদেশত; বিধানসভাত গৃহীত হ’ল প্ৰস্তাৱ

অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰি মণিপুৰ আৰক্ষীয়ে এক বিবৃতিত কয় যে বিষ্ণুপুৰ জিলাৰ মুৱালছাং গাঁৱত দুটা বাংকাৰ আৰু চুৰাচান্দপুৰৰ লাইকা মুলছাউ গাঁৱত এটা বাংকাৰ ধ্বংস কৰা হৈছে। আৰক্ষীয়ে দাবী কৰে যে সেইবোৰ কুকি উগ্ৰপন্থীৰ ঘাটি।