ত্ৰিপুৰাৰ বিজেপি নেতৃত্বাধীন চৰকাৰত জোকাৰণি; ছিমনাৰ বিধায়ক বৃষকেতুৱে ল’লে ডাঙৰ সিদ্ধান্ত

Brishaketu-Debbarma-1-739x375-1-1140x570

বৃষকেতু দেববাৰ্মা।

ত্ৰিপুৰাৰ বিজেপি-আইপিএফটি মিত্ৰজোঁট চৰকাৰত জোকাৰণি তুলি ছিমনা সমষ্টিৰ আইপিএফটিৰ বিধায়ক বৃষকেতু দেববাৰ্মাই বৃহস্পতিবাৰে প্ৰদ্যুৎ দেববাৰ্মা নেতৃত্বাধীন তিপ্ৰা মথাত আনুষ্ঠানিকভাৱে যোগদান কৰিব।

ইয়াৰ পূৰ্বে যোৱা ২ জুলাইত তিপ্ৰা (দ্য ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজ’নেল এলায়েন্স)ৰ অধ্যক্ষ প্ৰদ্যুৎ দেববাৰ্মাই বৃষকেতু দেববাৰ্মাক সাক্ষাৎ কৰি তেওঁৰ সৈতে আলোচনাত বহিছিল।

বৃষকেতু দেববাৰ্মাই ২৯ জুনত ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষক এগৰাকী বিধায়ক হিচাপে তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰিছিল।

পদত্যাগ পত্ৰত বৃষকেতু দেববাৰ্মাই এগৰাকী বিধায়ক হিচাপে তেওঁৰ পদত্যাগৰ সিদ্ধান্ত ‘ব্যক্তিগত কাৰণ’ উল্লেখ কৰিছিল।

অৱশ্যে, ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষ ৰেৱতী মোহন দাসে আইপিএফটিৰ বিধায়ক বৃষকেতু দেববাৰ্মাৰ পদত্যাগ পদ্ধতিগত কাৰণত প্ৰত্যাখ্যান কৰিছিল।

বৃষকেতু দেববাৰ্মা এগৰাকী জনপ্ৰিয় যুৱ জনজাতীয় নেতা। তেওঁ ২০১৮ৰ বিধানসভাৰ নিৰ্বাচনত আইপিএফটিৰ টিকটত ত্ৰিপুৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল।