গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা অনুষ্ঠিত ‘জোনাকী’ চলচ্চিত্ৰ মহোৎসৱৰ সফল সামৰণি

শুকুৰবাৰে সামৰণি পৰিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত প্ৰথমবাৰ অনুষ্ঠিত হোৱা জোনাকী চলচ্চিত্ৰ মহোৎসৱৰ। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই চলচ্চিত্ৰ মহোৎসৱত উত্তৰ-পূবৰ ১৩ খন ছবি প্ৰদৰ্শিত হয়।

২৯ নৱেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাই শুভাৰম্ভ কৰা জোনাকী চলচ্চিত্ৰ মহোৎসৱত অসমীয়াৰ উপৰিও মণিপুৰী, নাগামিজ, অৰুনাচলী, বড়ো, মিচিং ভাষাৰ ছবি প্ৰদৰ্শিত হয়। এইবাৰৰ এই মহোৎসৱৰ থীম আছিল ‘Inspiring the Roots।’ চলচ্চিত্ৰ মহোৎসৱখনত দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু ছবি অনুৰাগীয়ে অংশ গ্ৰহণ কৰে।

কালিৰ সামৰণি অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে ‘আলিফা’ ছবিৰে খ্যাতি অৰ্জন কৰা যুৱ ছবি নিৰ্মাতা দ্বীপ চৌধুৰী। অনুষ্ঠানত ভাষণ প্ৰদান কৰি দ্বীপ চৌধুৰীয়ে কয়, ‘জোনাকী’ চলচ্চিত্ৰ মহোৎসৱত বৃহৎ সংখ্যক যুৱ ছবি অনুৰাগীৰ অংশ গ্ৰহণ দেখা গৈছে আৰু তেওঁলোকে নতুন অসমীয়া ছবিসমুহ চাবলৈ আহিছে। ই অসমীয়া চলচ্চিত্ৰখনৰ বাবে এক আশাৰ বতৰা।’

লগতে এই কাৰ্যসূচীত কেনি বসুমতাৰী, মঞ্জুল বৰুৱা, ধ্ৰুৱ বৰদলৈ, ঝুলন কৃষ্ণ মহন্ত, জাহানাৰা বেগমকে ধৰি ভালেকেইগৰাকী চলচ্চিত্ৰ পৰিচালক আৰু অভিনয় ক্ষেত্ৰখনৰৰ লগত জড়িত ব্যক্তি উপস্থিত থাকে। কালিৰ সামৰণি অনুষ্ঠানত কেনি বসুমতাৰীৰ নতুনকৈ মুক্তি পাবলগীয়া ছবি ‘চাচপেনডেড ইনস্পেক্টৰ বড়ো’ৰ ট্ৰেইলাৰ প্ৰদৰ্শন কৰে।

সামৰণি অনুষ্ঠানত যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ড০ অংকুৰণ দত্তই ছাত্ৰ-ছাত্ৰীৰ প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ এই অনুষ্ঠানক ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্ৰ-ছাত্ৰীৰ অনুষ্ঠান বুলি অভিহিত কৰে।

ইয়াৰ উপৰিও ড০ দত্তই অহা ১৯ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ বিভাগটোৰ উদ্যোগত এক ‘Quantitative Research Program’ অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে। লগতে ফেব্ৰুৱাৰী মাহত এখন আন্তঃৰাষ্ট্ৰীয় লোকমাধ্যম উৎসৱৰ আয়োজন কৰা বুলি ঘোষণা কৰে।

উল্লেখযোগ্য যে তেজপুৰৰ ঐতিহ্যমণ্ডিত ছবিগৃহ ‘জোনাকী’ৰ নামেৰে এই চলচ্চিত্ৰ মহোৎসৱৰ নামাকৰণ কৰা হৈছিল। মহোৎসৱৰ মুখ্য সমন্বয়ক সুব্ৰত দত্তই কয়, ‘আমি এই নামেৰে ছবিগৃহ থকাৰ লগতে ছবিৰ ভাল দৰ্শকৰ প্ৰয়োজনীয়তাৰ বিষয়টো দাঙি ধৰিব বিচাৰিছো। এই বিষয়টো ছবিৰ ক্ষেত্ৰখনক আগুৱাই নিবলৈ যথেষ্ট গুৰুত্বপূৰ্ণ।’

তেওঁ লগতে এই মহোৎসৱে ছাত্ৰ-ছাত্ৰীৰ মাজত উত্তৰ-পূৰ্বাঞ্চলৰ ভাষাৰ ছবিৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিব আৰু তেওঁলোকক এক মাৰ্গ দৰ্শন কৰাব বুলিও আশা কৰে।