যোৰহাট বৰহোলা কাণ্ড : সকলো প্ৰকাৰৰ আইনী ব্যৱস্থা লোৱাৰ আশ্বাস আৰক্ষী সঞ্চালক প্ৰধানৰ

খানাপাৰাত ইউনিফাইড কমাণ্ডৰ গুৰুত্বপূৰ্ণ বৈঠক; সেনা-আৰক্ষীয়ে অভিযান চলাওঁতে ভংগ কৰিব নোৱাৰিব মানৱ অধিকাৰ : মুখ্য সচিব

Sanjay Krishna And Jayanta Bora

ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থাক লৈ খানাপাৰাৰ ষ্টাফ কলেজত  ইউনিফাইড কমাণ্ডৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকৰ অন্তত সংবাদ মেল সম্বোধন কৰি সেনা আৰক্ষীক মানৱ অধিকাৰ ভংগ নকৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।

ইয়াৰোপৰি, যোৰহাটৰ বৰহোলাত জয়ন্ত বৰাৰ ক্ষেত্ৰত সেনাই যি ঘটনা সংঘটিত হৈছিল তাৰ সন্দৰ্ভতো আলোচনা কৰা হৈছিল বুলি উল্লেখ কৰি সঞ্জয় কৃষ্ণই কয় ‘এইটো অতি দুখজনক ঘটনা। ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দিয়া হৈছে। ইয়াৰোপৰি পৰিয়ালৰ কোনো লোকক যাতে চৰকাৰী সংস্থাপন দিব পাৰি সেই ক্ষেত্ৰতো চিন্তা-চৰ্চা কৰা হৈছে।‘

‘SDPO কে ধৰি যিসকল আৰক্ষী বিষয়া এই ঘটনাৰ সৈতে জড়িত আছিল সেই সকলৰ বিৰুদ্ধে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।‘ এইদৰে কয় মুখ্য সচিবে।

ইপিনে, যোৰহাট বৰহোলাৰ ঘটনাৰ পাছতে অধিক তৎপৰ হোৱা দেখা গ’ল ৰাজ্যৰ মুখ্য সচিবগৰাকীক।

‘সেনা আৰক্ষী বা অৰ্ধসামৰিক বাহিনীয়ে অভিযান চলাওতে কোনোধৰণৰ যাতে মানৱ অধিকাৰ উলংঘন নহয় সেইটো কঠোৰভাৱে কোৱা হৈছে। জিলা পৰ্যায়ত DLCC আইনখন প্ৰযোজ্য কৰিবলৈ সকলোকে কোৱা হৈছে। যদি কিবা কাৰণত কোনো গাঁও অথবা বাগানত অভিযান চলাবলৈ যায় তেন্তে সেই অঞ্চলৰ গাঁওবুঢ়া বা বাগানৰ চৰ্দাৰক লগত লৈ যাব লাগিব।‘ এইদৰে কয় মুখ্য সচিবগৰাকীয়ে।

তেওঁ লগতে কয় ‘অভিযান চলাই মানুহ এজনক উঠাই অনা সময়ত মানুহজন কি অৱস্থাত আছে সেয়া সকলোৱে নাজানে। গতিকে লৈ অনাৰ আগত যাতে স্বাস্থ্য পৰীক্ষা কৰিব লাগে, সেই কথা আলোচনা কালত কোৱা হৈছে।‘

এই বিষয়ৰ উপৰিও ড্ৰাগছ আৰু অস্ত্ৰ-শস্ত্ৰৰ সন্দৰ্ভ যি তথ্য আছিল সেইখিনিৰ ওপৰত আলোচনা কৰা হৈছিল বুলি তেওঁ কয়।

আনহাতে, সেই একেখন সংবাদমেলত উপস্থিত থকা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় ‘দুৰ্ভাগ্যবশতঃ এটা পৰিবেশত জয়ন্ত বৰাৰ মৃত্যু ঘটিল। সেই বিষয়ৰ ওপৰত এক তদন্ত হ’বই বা ইতিমধ্যে আৰম্ভ হৈছে। ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। যিখিনি যাৱতীয় আইনী ব্যৱস্থা সেয়া লোৱা হ’ব। দোষীক শাস্তি নিশ্চয়কৈ দিয়া হ’ব।‘