বিহালীত পৰাস্ত হ’ল কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা। বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে পৰাস্ত ৯,০৫১ টা ভোটত পৰাস্ত কৰে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক। বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে ৫০,৯৪৭ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰে ৪১,৮৯৬ টা ভোট।
ইফালে কংগ্ৰেছক বাদ দি অন্য বিৰোধী দলসমূহে আগবঢ়োৱা কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া(এম এল) লিবাৰেচনৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীয়ে লাভ কৰে মাত্ৰ ৫,০৯৩ টা ভোট। কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা পৰাস্ত হোৱাৰ লগে লগে এতিয়া পুনৰ চৰ্চালৈ আহিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ।
উল্লেখ্য যে, প্ৰথমে কংগ্ৰেছে বিহালী আসনখন অসম সন্মিলিত মৰ্চাক এৰি দিছিল। অসম সন্মিলিত মৰ্চাই চিপিআই(এল এল)ৰ বিবেক দাসক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল। ইয়াৰ পাছতে গৌৰৱ গগৈয়ে একক প্ৰচেষ্টাৰে সদ্য বিজেপি ত্যাগী জয়ন্ত বৰাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল। যাৰ ফলত অসম সন্মিলিত মৰ্চাক ভংগ হৈ পৰে।
ইয়াৰ পাছতে বিৰোধীয়ে গৌৰৱ গগৈয়ে অসম সন্মিলিত মৰ্চাক ভংগ কৰাৰ অভিযোগ উত্থাপন কৰে। হাই কামাণ্ডাক মেনেজ কৰি গৌৰৱ গগৈয়ে জয়ন্ত বৰাক প্ৰাৰ্থীত্ব দিয়াৰো অভিযোগ উত্থাপন হয়। গৌৰৱ গগৈক অহংকাৰী, দাম্ভিক আদিৰেও বিভূষিত কৰা হয়। গৌৰৱ গগৈৰ ভূমিকাত বিতুষ্ট হৈ বিৰোধী লক্ষ্মীকান্ত তাঁতীক প্ৰাৰ্থীত্ব প্ৰদান কৰে। কংগ্ৰেছৰ বিৰুদ্ধে বিশ্বাসঘাতকা আৰু সহযোগী দলসমূহৰ আত্মসন্মানত আঘাত হনাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে।
ইয়াৰ বিপৰীতে গৌৰৱ গগৈয়ে সদ্য বিজেপি ত্যাগী জয়ন্ত বৰাক কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বেই হাইকমাণ্ডৰ মেনেজ কৰি প্ৰাৰ্থীত্ব দি কংগ্ৰেছৰ ইতিহাসত এক নাভূতনাশ্ৰুত ঘটনাই সংঘটিত কৰে। কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক জয়ী কৰাবলৈ বিহালীতে বাহৰ পাতি লয় কংগ্ৰেছ সাংসদগৰাকীয়ে। কাৰণ, প্ৰদেশ কংগ্ৰেছক বিপদত পেলাই নাচোৰবান্দা হৈ জয়ন্ত বৰাক জয়ী কৰোৱাটো সাংসদ গৌৰৱ গগৈৰ বাবে আত্মসন্মানৰ বিষয় হৈ পৰে।
ইপিনে গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাবলৈ সতীৰ্থৰ সৈতে বিহালীত বাহৰ পাতে মন্ত্ৰী পীযুষ হাজৰিকাই। যোৰহাটত পৰাজয়ৰ পোতক তুলিবলৈ লক্ষ্য বান্ধি লয় পীযুষ হাজৰিকাৰ বাহিনীয়ে। এনে প্ৰেক্ষাপটত বিহালীত কংগ্ৰেছৰ বিজয় গৌৰৱ গগৈৰ বাবে অপৰিহাৰ্য হৈ পৰে। অৰ্থাৎ বিহালীত জয় হ’লেই সাংসদ গৌৰৱ গগৈ হিৰো হৈ যাব আৰু পৰাজয় মানেই খলনায়ক হৈ পৰিব। আৰু শেষত সাংসদ গৌৰৱ গগৈ বিহালীত খলনায়ক হোৱাৰ দুৰ্নামেই অৰ্জিলে। এই দুৰ্নাম অৰ্জিয়ে বিহালীত কংগ্ৰেছ প্ৰাৰ্থীৰ পৰাজয় সমস্ত দায়িত্ব স্বীকাৰ কৰিলে সাংসদ গৌৰৱ গগৈয়ে।