NORTHEAST NOW (Assamese)

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

January 21, 2021 8:23 am · নিৰ্মলেন্দু পাঠক
ফটো : নৰ্থ-ইষ্ট নাও

প্ৰধান মন্ত্ৰী আবাস যোজনা (চহৰাঞ্চল), অসমৰ অধীনত আৱন্টিত আৰু নিৰ্মাণ সম্পূৰ্ণ হোৱা আৱাস গৃহসমূহক লৈ আয়োজন কৰা মাহেকজোৰা গৃহ প্ৰৱেশ সমাৰোহ-২০২১ৰ অংশ হিচাপে টীয়ক পৌৰসভাৰ অধীনৰ কেইবাগৰাকীও হিতাধিকাৰীৰ গৃহত গৃহ প্ৰৱেশ অনুষ্ঠান আয়োজন কৰা হয়।

যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে গৃহ সমূহৰ দুৱাৰ।

এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি টীয়ক পৌৰসভাৰ কাৰ্যালয়ত আজি বিয়লী অনুষ্ঠিত এখন সভাত সভাপতিত্ব কৰে টীয়ক ৰাজহ চক্ৰ বিষয়া লীনা পাৱে।

এই সভাতে কেইবাটাও আত্মসহায়ক গোটক ঘূৰ্ণীয়মান পূুঁজি, অন্যান্য পূুঁজি আৰু দুটা আঞ্চলিক পৰ্যায়ৰ সংগঠনক পঞ্চাশ হাজাৰ টকাৰ চেক বিতৰণ কৰা হয়।

তদুপৰি প্ৰধান মন্ত্ৰী স্ব-নিধি আঁচনিৰ অধীনত ৩৩ জন পদপথৰ ব্যৱসায়ীক দহ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰে।

সভাৰ পূৰ্বে টীয়ক পৌৰসভাৰ আন্ত:গাঁথনি উন্নয়ন পূুঁজিৰে নিৰ্মাণ কৰা দৈনিক বজাৰ গৃহৰ দ্বাৰ উন্মোচন কৰে সাংসদ তপন কুমাৰ গগৈয়ে।

Related News