• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , January 21, 2021 7:45 am

2 min read

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

ফটো : নৰ্থ-ইষ্ট নাও

195
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা বোকাখাতৰ ৰাজহুৱা খেল পথাৰত আৰম্ভ হ’ব ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্যৰ প্ৰদৰ্শনী।

অসম চৰকাৰৰ কৃষি, পশু পালন আৰু উদ্যান শস্য বিভাগৰ দ্বাৰা আয়োজিত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজিত এই প্ৰদৰ্শণী আজি পুৱা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

তিনিদিনীয়া এই ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা উদ্যমী কৃষকসকলে যােগদান কৰাৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভিয়েটনাম, মালয়েচিয়াকে ধৰি কেইবাখনাে দেশৰ প্রতিনিধিয়েও অংশ গ্ৰহন কৰিব বুলি বুধবাৰে এক সংবাদ মেলত সদৰি কৰে কৃষিমন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই।

এই প্ৰদৰ্শনীৰ বাবে ইতিমধ্যেই বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ২০০ খনকৈ বিপনি সঁজাই তোলা হৈছে।

আটক ধুনীয়া তোৰণেৰ সঁজাই তোলা এই প্ৰদৰ্শনীত ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰগতিশীল কৃষক সকলেও অংশ গ্ৰহণ কৰিব।

তিনিদিনীয়া এই প্ৰদৰ্শনীৰ লগত সংগতি ৰাখি ভালেমান আলেচনা চক্ৰ , কৰ্মশালা আৰু প্ৰশিক্ষণৰ কাৰ্যসূচীও অনুষ্ঠিত হ’ব।

এই অনুষ্ঠান বোৰত ১০ খন ৰাষ্ট্ৰৰ হাই কমিচনাৰে অংশ গ্ৰহন কৰাৰ লগতে বহু দেশৰ কৃষি বিশেষজ্ঞই ভাৰ্চুৱেল সংযোগেৰে অংশ গ্ৰহন কৰিব বুলিও মন্ত্ৰী অতুল বৰাই জনায়।

অনুষ্ঠানত কেন্দ্ৰীয় কৃষিমন্ত্ৰী গৰাকীয়েও অনলাইনযোগে কাৰ্যসূচীত অংশগ্ৰহন কৰাৰ কথা। প্ৰায় ৫ কোটি টকাৰ বাজেটেৰে আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰদৰ্শনীৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহন কৰিব বুলি সংবাদ মেলত মন্ত্ৰী অতুল বৰাই জনায় ৷

এই মেলাই অসমৰ কৃষি তথা উদ্যান শস্যৰ লগত জড়িত সকলো কৃষকক উৎসাহিত কৰাৰ লগতে অসমৰ কৃষি ক্ষেত্রখনত এক অনন্য মাত্রা প্রদান কৰিবলৈ সক্ষম হব বুলি কৃষিমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

তিনিদিনীয়া এই প্রদর্শনীত ৰাজ্যৰ উদ্যমী কৃষক সকলে উৎপাদিত সামগ্রীৰ প্রদর্শনী কৰাৰ সুযােগ পােৱাৰ লগতে এই ক্ষেত্রত অনুষ্ঠিত হ’বলগীয়া প্রতিযােগিতাতো অংশগ্রহণ কৰিব পাৰিব।

কৃষিৰ ক্ষেত্ৰত জড়িত বিভিন্ন বিভাগ, উদ্যোগৰ উপৰি পশুপালন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিপনিয়েও ৰাষ্ট্ৰীয় এই প্ৰদৰ্শনীত অংশ গ্ৰহন কৰিছে।

Recent News

index.jpg

বিধান সভা নির্বাচনৰ বাবে বোকাখাত মহকুমা প্রশাসনৰ প্রস্তুতি : মিডিয়া মনিটৰিং সম্পর্কে স্থানীয় সাংবাদিকৰ সৈতে আলোচনা

আমেৰিকা যুক্তৰাষ্ট্ৰ : ২০২৪ত পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ডণাল্ড ট্ৰাম্পে

আমেৰিকা যুক্তৰাষ্ট্ৰ : ২০২৪ত পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ডণাল্ড ট্ৰাম্পে

1593687950_RAAgrY_SupremeCourtofIndia

“আপুনি তাইক বিয়া কৰালে শাস্তিৰ পৰা ৰেহাই পাব!”; ধৰ্ষণত অভিযুক্ত চৰকাৰী বিষয়াক ক’লে মুখ্য ন্যায়াধীশে

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd