যোৰহাটত উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাৰ নেতৃত্বত তীব্ৰতৰ ড্ৰাগছ বিৰোধী অভিযান

ড্ৰাগছৰ বিৰুদ্ধে যোৰহাটৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাৰ নেতৃত্বত অভিযান অব্যাহত l

যোৱা নিশা পুলিবৰ আৰক্ষী থানাৰ ভাৰা প্ৰাপ্ত আৰক্ষী বিষয়া চিত্তৰঞ্জন বুঢ়াগোহাঁইৰ লগতে উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাৰ নেতৃত্বত বৃহৎ সংখ্যক ড্ৰাগছ সহ দুজন যুৱকৰ সৈতে এখন সন্দেহ জনক স্কুটি জব্দ কৰিছে পুলিবৰ আৰক্ষীয়ে l

পশ্চিম যোৰহাটত দীৰ্ঘ দিন ধৰি গোপনে ড্ৰাগছৰ বেহা চলাই যোৱা দুজন যুৱকৰ পৰা ১৭টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰৰ লগতে দুটাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ কেছ জব্দ কৰে।

লুকুৱাই ৰখা অৱস্থাত এই বুজন পৰিমাণৰ ড্ৰাগছ খিনি উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাই গোপন সূত্ৰৰ তথ্যৰ পম খেদি পুলিবৰ আৰক্ষীৰ সহযোগ উপস্থিত হয় থানাৰ সমীপৰ পানীচকুৱাত।

তাৰ পিছতেই চলাই অভিযান চলাই ড্ৰাগছ খিনি জব্দ কৰেl

আৰক্ষীয়ে পুলিবৰ থানাৰ অন্তৰ্গত পানীচকুৱা অঞ্চলৰ পৰা সঞ্জীৱ দাস( ২০)আৰু নন্দ কিশোৰ সাহা (২২) নামৰ দুজন যুৱক কৰায়ত্ব কৰিছে।

আৰু কেইবাজনো ড্ৰাগছ সেৱনকাৰীৰ লগতে ড্ৰাগছ বেপাৰী গ্ৰেপ্তাৰ হোৱা সম্ভাৱনা আছে বুলি জানিব দিছে পুলিবৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিত্তৰঞ্জন বুঢ়াগোহাঁইয়ে।