NORTHEAST NOW (Assamese)

যোৰহাটত অনুষ্ঠিত হ’ব ৰঞ্জি ট্ৰফী-চি কে নাইডুৰ কেইবাখনো গুৰুত্বপূৰ্ণ মেচ

November 1, 2018 12:24 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

সুদীৰ্ঘ ৪৪ বছৰৰ মূৰত ২০১৮-১৯ বৰ্ষৰ ৰঞ্জি ট্ৰফীৰ লগতে চি কে নাইডু ক্ৰিকেট প্ৰতিযোগিতাৰ কেইবাখনো গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব যোৰহাটত। বুধবাৰে এক সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে যোৰহাট ক্ৰিকেট সন্থাৰ বিষয়-ববীয়াই।

যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতা দুখনৰ বাবে ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি সময়মতে সম্পূৰ্ণ হ’ব বুলি কালিৰ সংবাদমেলতে জনায়। খেল কেইখন অহা ১২ নৱেম্বৰৰ পৰা ২ জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ’ব।

যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে প্ৰথমখন মেচ ১২-১৫ নৱেম্বৰলৈ মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ মাজত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে। আনহাতে ২০-২৩ নৱেম্বৰলৈ মিজোৰাম আৰু মণিপুৰ, ১৪ ডিচেম্বৰৰ পৰা মিজোৰাম আৰু ছিকিমৰ মাজত, ৩০ ডিচেম্বৰৰ পৰা মিজোৰাম আৰু বিহাৰৰ মাজত অন্তিমখন ৰঞ্জি ট্ৰফীৰ মেচ অনুষ্ঠিত হ’ব।

আনহাতে ২-৫ নৱেম্বৰলৈ মেঘালয় আৰু মিজোৰামৰ মাজত এখন চি কে নাইডু ট্ৰফীৰ মেচো যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বুলি কালিৰ সংবাদমেলতে প্ৰকাশ কৰে।

সংবাদমেলত উপস্থিত থকা বিচিচিআইৰ পিটছ কিউৰেটৰ বৰ্ষমংগল বৰুৱাই মেচ কেইখনৰ বাবে উন্নত মানৰ পিটছ নিৰ্মাণ কৰিব বুলি জনায়। আনহাতে জ্যেষ্ঠ ক্ৰীড়া সংগঠক ননী দত্তই কয় যে সুদীৰ্ঘ ৪৪ বছৰৰ মূৰত যোৰহাটে এই সন্মানীয় ক্ৰিকেট প্ৰতিযোগিতা দুখনৰ খেল আয়োজন কৰিবলৈ পোৱা সুযোগে নৱপ্ৰজন্মৰ মাজত এক ইতিবাচক প্ৰভাৱ পেলাব।

Related News