NORTHEAST NOW (Assamese)

শুৱালকুছি অধিৱেশনত সম্বৰ্ধিত হ’ব হাফলঙৰ জ্যেষ্ঠ সাংবাদিক অনুপ বিশ্বাস

January 31, 2020 7:57 am · পংকজ কুমাৰ দেব
সাংবাদিক অনুপ বিশ্বাস

বৃহস্পতিবাৰৰ পৰা শুৱালকুছিত আৰম্ভ হোৱা অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশনত ৰাজ্যৰ তেত্ৰিশ খন জিলাৰ মনোনীত সাংবাদিকৰ লগতে হাফলঙৰ জ্যেষ্ঠ সাংবাদিক অনুপ বিশ্বাসকো সম্বৰ্ধনা জনাব।

সাংবাদিক সকলক অহা ৪ ফেব্ৰুৱাৰিত “মায়াৰাম তামুলী সাংবাদিক সন্মিলন” অৰুণোদই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হ”ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য় যে, ডিমা হাছাও জিলাৰ অনুপ বিশ্বাস নব্বৈ দশকৰ পৰাই সংবাদ জগতৰ লগত জড়িত হৈ আছে। বৰ্তমান তেওঁ উত্তৰ-পূবৰ অন্যতম আগশাৰীৰ ইংৰাজী দৈনিক বাতৰি কাকত আছাম ট্ৰিবিউনৰ জিলা সাংবাদিকৰ উপৰি ডেইলী ইষ্টাৰ্ণ ক্ৰনিক্যাল, হিন্দি কাকত দৈনিক পূর্বোদয়ৰো জিলা সাংবাদিক।

ইয়াৰ উফৰি পাৰ্বত্য জিলাৰ প্ৰথমটো ওৱেব প”ৰ্টেল হিলছ লাইভ আৰু মাহেকীয়া আলোচনী ‘ট্ৰাইভেল ভয়েজ’ৰ স্বত্বাধিকাৰী মুখ্য সম্পাদক। লগতে একাধিক সাপ্তাহিক কাকতৰ সৈতেও জড়িত আছিল।

সাংবাদিক বিশ্বাসক অসম সাহিত্য সভাই উপৰোক্ত সম্বর্ধনাৰ কাৰণে মনোনীত কৰাত পাৰ্বত্য জিলাৰ বিভিন্ন দল-সংগঠনে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

Related News