টীয়কৰ সংবাদ জগতৰ পথ প্ৰদৰ্শক ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ ভাতৃ বিজয় প্ৰকাশ বৰুৱাৰ পৰলোক

যোৰহাট জিলাৰ বৃহত্তৰ টীয়কৰ সংবাদ জগতৰ অন্যতম বাটকটীয়া তথা ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ ভাতৃ বিজয় প্ৰকাশ বৰুৱাৰ স্বাস্থ্যজনিত কাৰণত আজি পুৱা গুৱাহাটীৰ বাসগৃহত মৃত্যু হয়।

মীন বিভাগৰ সুৰক্ষিত চাকৰি এৰি প্ৰয়াত নীল কমল বেজবৰুৱাৰ আহ্বানত ‍‘নতুন অসমীয়া’ কাকতৰ সাংবাদিক হিচাপে সাংবাদিকতাৰ কন্টকময় জীৱন আৰম্ভ কৰিছিল প্ৰকাশ বৰুৱাই।

ইয়াৰ উপৰি প্ৰয়াত বৰুৱাই ১৯৭২ চনত ‍‘দৈনিক জনমভূমি’ কাকতৰ আৰম্ভণিৰে পৰা জড়িত হৈ বাংলাদেশ যুদ্ধৰ সময়ত তেতিয়াৰ পূব পাকিস্তানৰ ভূমিত উপস্থিত হৈ বিপদ সংকুল সাহসী সাংবাদিকতাৰে ৰাজ্যত জনপ্ৰিয় হৈছিল।

পৰৱৰ্ত্তী সময়ত নীলাচল, দি আচাম এস্কপ্ৰেছ, জোনবিৰি, আজিৰ অসম, জনক্ৰান্তি, দাপোন আদি কাকতৰ সংবাদিক তথা আধানুলুপ্ত ‍‘সাপ্তাহিক সমন্নয় বাৰ্তা’ৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত হৈ অসমৰ সংবাদ জগতত এক নতুন দিগন্তৰ সূচনা কৰিছিল।

আজি এইগৰাকী বিশিষ্ট সাংবাদিকৰ মৃত্যুত সমগ্ৰ অসমৰ লগতে বৃহত্তৰ টীয়ক অঞ্চলতো শোকৰ ছায়ে আগুৰি ধৰাৰ সমান্তৰালকৈ টীয়কৰ ব্ৰাহ্মণগাঁওস্থিত ধ্বনি কবিগৰাকীৰ ঐতিহাসিক অচ্যুত ভৱন তথা প্ৰয়াত বিজয় প্ৰকাশ বৰুৱাৰ পিতৃ গৃহত শোকাকুল পৰিবেশে বিৰাজ কৰিছে।

বিজয় প্ৰকাশ বৰুৱাৰ মৃত্যুত টীয়কৰ দল-সংগঠন তথা বিভিন্ন ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে।