নাগৰিকত্ব বিধেয়ক প্ৰসংগত আজি যুটীয়া সংসদীয় সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

নাগৰিকত্ব বিধেয়ক গৃহীত হ'লে অসমত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হ'ব : অগপ

jpc

জে পি চিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱাল। ফাইল ফটো

হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে  নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ বাবে উঠি পৰি লগাৰ সময়তে অসমৰ আঞ্চলিক দল অগপই বিধেয়কখনৰ বিৰোধিতাৰে নতুন দিল্লীত সক্ৰিয় হৈ পৰিছে।

অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে দেওবাৰে উত্তৰ প্ৰদেশলৈ গৈ যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ প্ৰসাদ আগৰৱালাক সাক্ষাৎ কৰাৰ পাছত সোমবাৰে সমিতিৰ আন আন সদস্যসকলক সাক্ষাৎ কৰি বিধেয়কখনে অসমত এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ কৰিব পাৰে বুলি অৱগত কৰে।

সোমবাৰে অগপৰ প্ৰতিনিধি দলটোৱে সাক্ষাৎ কৰা যুটীয়া সংসদীয় সমিতিৰ সদস্য কেইজন হৈছে তৃণমূল কংগ্ৰেছ সাংসদ সৌগত ৰয়, বিজু জনতা দলৰ সাংসদ ভাৰ্তুহৰি মেহতাব আৰু সাংসদ স্বপন দাসগুপ্তা। এই সদস্যকেইজনৰ আগত অগপৰ প্ৰতিনিধি দলটোৱে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰাৰ উপৰি কোনো কাৰণতেই যাতে এই বিধেয়কখন গৃহীত নহয় তাৰ বাবেও আহ্বান জনায়।

সমিতিৰ সদস্য কেইজনক সাক্ষাতৰ সময়ত অগপৰ নেতা কেইজনে কয় যে ইতিমধ্যে অসমে লাখ লাখ বিদেশীৰ বোজা বহন কৰি আছে, তেনে পৰিস্থিতিত আমি আৰু অবৈধ বিদেশীৰ বোজা বহন কৰিব নোৱাৰো। ইতিমধ্যে অসমৰ জনগাঁথনি সম্পূৰ্ণৰূপে সলনি হৈ পৰিছে।

আনহাতে বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে ঐতিহাসিক অসম চুক্তি উলংঘা কৰা হ’ব বুলি উল্লেখ কৰি প্ৰতিনিধিৰ দলটোৱে যুটীয়া সংসদীয় সমিতিৰ সদস্যকেইজনক বিধেয়কখনৰ বিৰোধিতাত নিজৰ মতামত ব্যক্ত কৰিবলৈকো আহ্বান জনায়।

ইফালে সংসদৰ আগন্তুক শীতকালীন অধিৱেশনতে এই বহু বিতৰ্কিত বিধেয়কখন গৃহীত কৰাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখন তৎপৰ হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আজি যুটীয়া সংসদীয় সমিতিয়ে এখন বিশেষ বৈঠকৰ আয়োজন কৰিছে। বৈঠকত যুটীয়া সংসদীয় সমিতিৰ সকলো সদস্যৰ লগতে গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়া-আমোলাৰ লগতে বহুতো বিশেষজ্ঞ উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।