কাৰাগাৰৰ ভিতৰত নে মুকলি আকাশৰ তলত? কাইলৈ আদালতত অখিলৰ ভাগ্য নিৰ্ণয়

Akhil_Gogoi_by_Vikramjit_Kakati

কাইলৈ আদালতত নিৰ্ণয় হব অখিল গগৈৰ ভাগ্য।

গুৱাহাটী উচচ ন্যায়ালয়ে ৰায়দানৰ বাবে তালিকাভুক্ত কৰিছে অখিল গগৈৰ গোচৰ।

পুৱা ১০.৩০ বজাত ৰায়দানৰ সময় নিৰ্ধাৰণ কৰিছে মহামান্য আদালতে।

অজিত বৰঠাকুৰ আৰু কে.এল চুড়ানা বিচাৰপীঠে অখিল গগৈৰ জামিন সন্দৰ্ভত দিব চুড়ান্ত ৰায়।

কাইলৈ NIA ৰ প্ৰথমটো গোচৰ অৰ্থ্যাৎ চান্দমাৰি থানাৰ ১৩/১৯ নম্বৰ গোচৰত জামিন মঞ্জুৰ হ’লেই মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ।

যোৱা ১৩ অক্টোবৰৰ পৰা ১৭ ডিচেম্বৰলৈকে চলা দীঘলীয়া শুনানিৰ অন্তত কাইলৈ চুড়ান্ত ৰায়দান দিব উচ্চ ন্যায়ালয়ে।

অখিল গগৈৰ হৈ শুনানিত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হুজেফা আহমেদীয়ে অখিলৰ হৈ যুক্তি দৰ্শাইছিল। চৰকাৰৰ হৈ শুনানিত অংশগ্ৰহণ কৰিছিল এছ. বি. ৰাজুৱে যুক্তি দৰ্শাইছিল।

উল্লেখযোগ্য যে, কা-বিৰোধী আন্দোলনৰ সময়তে ৰাজ্যৰ কেইবাখনো থানাত অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। তাৰে দুটা গোচৰ NIA ই তদন্তৰ বাবে লৈছিল।

অখিলৰ বিৰুদ্ধে চাবুৱা থানাত ৬ টা, ডিব্ৰুগড়ত ১ টা, গৌৰীসাগৰ থানাত ১ টা, শিৱসাগৰ থানাত ১ টা, টিয়ক থানাত ১টা, যোৰহাট থানাত এটা আৰু ক্ৰাইম ব্ৰাঞ্চত এটা আৰু চান্দমাৰী থানাত ১ টা গোচৰ ৰুজু হৈছিল।

চান্দমাৰি থানাক বাদ দি বাকীকেইটা গোচৰত ইতিমধ্যে জামিন লাভ কৰিলে অখিলে।

অখিলৰ হৈ শুনানিত ভিডিও কনফাৰেন্স যোগে অংশগ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা পি এছ নৰসিংহই।

ন্যায়াধীশ কল্যাণ ৰাই চূড়ানা আৰু অজিত বৰঠাকুৰৰ বিচাৰপীঠত চলিছিল এই গোচৰ।

যোৱা এবছৰে কাৰাৰুদ্ধ অখিল গগৈ বিভিন্ন ৰোগত আক্ৰান্ত হৈ বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে।