NORTHEAST NOW (Assamese)

দিহিং-পাটকাইত বনৰক্ষী আৰু চোৰাং ব্যৱসায়ীৰ মাজত তুমুল সংঘৰ্ষ, হাতীৰ কৰুণ মৃত্যু

July 21, 2021 8:51 pm · অভীক চক্ৰৱৰ্তী

দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষী আৰু চোৰাং ব্যৱসায়ীৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত নিহত হৈছে এটি হাতী।

প্ৰাপ্ত খবৰ অনুসৰি অসম-অৰুণাচল সীমান্তৰ হাকুনগুৰি বীটৰ বাসৱনালা অঞ্চলত ১৯ জুলাইত সংঘটিত হৈছিল উক্ত সংঘৰ্ষৰ ঘটনা।

মঙলবাৰে বন বিভাগৰ কৰ্মীয়ে সংঘৰ্ষস্লীৰ পৰা এটা হাতীৰ মৃতদেহ উদ্ধাৰ কৰে।

স্থানীয় একাংশ লোকে প্ৰকাশ কৰা মতে অৰুণাচলৰ বহু লোকে অসমৰ ভূমিত প্ৰৱেশ কৰি ব্যাপক বেদখন কৰি আহিছে।

অৰুণাচলৰ লোকে আনকি দিহিং-পাটকাই বনাঞ্চলত চোৰাংকৈ কাঠ কাটি আহিছে। মৃত হাতীটো চোৰাং ব্যৱসায়ীয়ে কাঠ সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা হাতী বুলি সন্দেহ কৰা হৈছে।

ডিব্ৰুগড়ৰ বন সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱাই প্ৰকাশ কৰা মতে অৰুণাচলৰ চোৰাং ব্যৱসায়ীয়ে দিহিং-পাটকাইৰ অৰণ্যত গছ কটাৰ বাবে প্ৰৱেশ কৰাৰ খবৰ পোৱাৰ পিছতে বন সুৰক্ষা বাহিনীৰ এটা দলে গৈ উক্ত স্থানত উপস্থিত হয় আৰু চোৰাং ব্যৱসায়ীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।

উক্ত সংঘৰ্ষতে হাতীটোৰ মৃত্যু ঘটা বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য অসমৰ অৰণ্যত অৰুণাচলৰ লকে প্ৰৱেশ কৰি গছ-গছনি কাটি নিয়াৰ পিছতো বন বিভাগে এই ক্ষেত্ৰত বিশেষ কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।

Related News