“বোমাবৰ্ষণ বন্ধ কৰক, আলোচনা তেতিয়াহে সম্ভৱ হ’ব”: ৰাছিয়াক দাবী ইউক্ৰেইন ৰাষ্ট্ৰপতিৰ

Russia-Ukraine war

আজি সপ্তম দিনত ভৰি দিলে ৰাছিয়া-ইউক্ৰেইন যুদ্ধই। যুদ্ধৰ বিভীষিকাময় পৰিস্থিতিৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে যোৱা সোমবাৰে দুয়োপক্ষৰ মাজত অনুষ্ঠিত আলোচনা ব্যৰ্থ হোৱাৰ পিছত দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ পৰিকল্পনা কৰা হৈছে।

আলোচনাৰ পূৰ্বে ৰাছিয়াক এক দাবী জনাইছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে মঙলবাৰে কয় যে যুদ্ধবিৰতিৰ ওপৰত আলোচনা আৰম্ভ হোৱাৰ পূৰ্বে ৰাছিয়াই ইউক্ৰেইনৰ চহৰসমূহত বোমাবৰ্ষণ বন্ধ কৰিব লাগিব।

ৰাছিয়াৰ সৈতে পৰৱৰ্তী আলোচনাৰ বাবে ইউক্ৰেইনৰ প্ৰাথমিক চৰ্তাৱলী নিৰ্ধাৰণ কৰি জেলেনস্কিয়ে ৰয়টাৰ আৰু চিএনএনক এক যুটীয়া সাক্ষাৎকাৰত কয়, “অন্ততঃ জনসাধাৰণৰ ওপৰত বোমা বিস্ফোৰণ বন্ধ কৰক। কেৱল বোমা বিস্ফোৰণ বন্ধ কৰক আৰু তাৰ পিছত আলোচনাৰ মেজত বহিম।”

আনহাতে নাটো সদস্যসকলক ৰাছিয়াৰ বায়ু সেনাক বাধা দিবলৈ “নো ফ্লাই জ’ন” কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰপতি গৰাকীয়ে। তেওঁ কয় যে ৰাছিয়াৰ আক্ৰমণৰ সন্মুখত ই এক প্ৰতিৰোধমূলক পদক্ষেপ হ’ব।

জেলেনস্কিয়ে লগতে কয় যে যদি নাটোৱে ইউক্ৰেইনৰ সদস্যপদৰ সম্ভাৱনাৰ দুৱাৰ বন্ধ কৰে, তেতিয়া ইউক্ৰেইনে আইনীভাৱে বাধ্যতামূলক নিৰাপত্তা প্ৰতিশ্ৰুতি দাবী কৰিব।

উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ আলোচনাৰ পূৰ্বে ৰাছিয়াই ইউক্ৰেইনৰ সৈতে এক চুক্তিত উপনীত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। ইয়াৰ পৰিৱৰ্তে ইউক্ৰেইনে তাৎক্ষণিক যুদ্ধবিৰতিৰ লগতে ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ সৈন্য বাহিনী প্ৰত্যাহাৰ দাবী কৰিছিল।

কিন্তু এই আলোচনা ব্যৰ্থ হোৱাৰ পিছত দুয়োপক্ষই পুনৰ আলোচনাত মিলিত হোৱাৰ সম্ভাৱনীয়তা প্ৰকাশ কৰিছিল।

আনহাতে মঙ্গলবাৰে ৰাছিয়াৰ TAASS সংবাদ সংস্থাই ৰাছিয়াৰ এক চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি আজি পুনৰ আলোচনাৰ পৰিকল্পনা কৰা হৈছে বুলি প্ৰকাশ কৰিছিল।

অৱশ্যে এইপৰ্যন্ত দ্বিতীয় পৰ্যায়ৰ আলোচনা সন্দৰ্ভত কোনো নিশ্চিত তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই।