NORTHEAST NOW (Assamese)

ন্যায়াধীশ অজয় লাম্বাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি

October 6, 2019 12:23 pm · এন ই নাও নিউজ
অজয় লাম্বা। উৎস-ইণ্টাৰনেট

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যয়াধীশ হিচাপে ৫ অক্টোবৰত নিযুক্তি দিয়া হয় ন্যায়াধীশ অজয় লাম্বাক।

৭ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ অৰুপ কুমাৰ গোস্বামীৰ স্থানত ন্যয়াধীশ লাম্বাই ৰাজভৱনত শপত গ্ৰহণ কৰি আনুষ্ঠানিকভাৱে মুখ্য ন্যায়াধীশৰ দায়িত্বভাৰ গ্ৰহণ কৰিব।

১৯৫৮ চনত জন্মলাভ কৰা অজয় লাম্বাই পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী অৰ্জন কৰে আৰু অধিবক্তা হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।

২০০৬ চনত পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত লাম্বাই ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ২০১১ চনত তেওঁক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ ন্যায়াধীশ হিচাপে বদলি কৰা হয়।

উল্লেখযোগ্য যে, অৰুপ কুমাৰ গোস্বামীয়ে ২০১৮ চনৰ ৬ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছিল।

গোস্বামীক অলপতে ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল।

Related News