গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অৰূপ কুমাৰ গোস্বামী

GAUHATI-HC-JUSTICE-ARUP-KUMAR-GOSWAMI

উৎস : ইণ্টাৰনেট

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে আজিৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিব অৰূপ কুমাৰ গোস্বামীয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হৈ থকা অজিত সিঙে বুধবাৰে আনুষ্ঠানিকভাৱে অৱসৰ লোৱাৰ পাছত উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ গোস্বামীক মুখ্য ন্যায়াধীশৰ দায়িত্ব প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে ৩ ছেপ্তেম্বৰত কৰ্তব্যৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ লাভ কৰিছিল যদিও বুধবাৰেহে গুৱাহাটী হাইকোৰ্ট বাৰ এছ’চিয়েশ্যনে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে অজিত সিঙক।

গুৱাহাটী উচ্চ ন্যায়ালয়ত ডেৰ বছৰ মুখ্য ন্যায়াধীশ হিচাপে নিষ্ঠা সহকাৰে কৰ্তব্য সম্পাদন কৰা অজিত সিঙক ৰাজ্যপাল জগদীশ মুখীয়েও বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।

স্মৰ্তব্য যে ভাৰতীয় সংবিধানৰ ২২৩ নং দফা অনুসৰি ৰাষ্ট্ৰপতিয়ে শেহতীয়াকৈ ৬ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ জ্যেষ্ঠ ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা পৰিলক্ষিত হয়।