অবৈধ কয়লা খনন : ২৬-২৭ ডিচেম্বৰত ন্যায়াধীশ বি পি কটকী তদন্ত আয়োগৰ মাৰ্ঘেৰিটাত ৰাজহুৱা শুনানি

thumb

জল্পনা, কল্পনাৰ অৱসান ঘটাই অৱশেষত চোৰাং কয়লা সৰবৰাহৰ বিৰুদ্ধে আৰম্ভ হ’ল ৰাজ্য চৰকাৰৰ তদন্ত প্ৰক্ৰিয়া৷

কমিশ্যন অৱ এনকুৱেৰি আইন ১৯৫২ৰ অধীনত মাৰ্ঘেৰিটাত চলি থকা বে আইনী কয়লা খনন কাৰ্য আৰু বিভিন্ন প্ৰযোজ্য আইন উলংঘা কৰি শালেকি প্ৰস্তাবিত সংৰক্ষিত বনাঞ্চল আৰু টিকক মুক্ত নিক্ষেপন এলেকাৰ বিভিন্ন স্থানত চলা অবৈধ কয়লা খননৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন, অনুষ্ঠান ব্যক্তি বিশেষৰ অভিযোগৰ সংক্ৰান্তত ৰাজ্য চৰকাৰে গঠন কৰা ন্যায়াধীশ বি পি কটকী তদন্ত আয়োগে ইতিমধ্যে ক্ষীপ্ৰতৰ কৰিছে তদন্ত৷

মন কৰিবলগীয়া যে, মাৰ্ঘেৰিটাৰ কয়লাৰ চোৰাং বেহাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চলিত বৰ্ষৰ ২০ জুলাইত তদন্তৰ ঘোষণা কৰিছিল৷

সেইমৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বজেন্দ্ৰ প্ৰসাদ কটকীৰ নেতৃত্বত ৰাজ্য চৰকাৰে গঠন কৰি দিছিল এজনীয়া তদন্ত আয়োগ৷ ৬ মাহৰ ভিতৰত উক্ত তদন্ত আয়োগক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল৷

মাৰ্ঘেৰিটাবাসী ৰাইজে উক্ত তদন্ত প্ৰক্ৰিয়াক লৈ বহু আশা কৰিছিল যদিও চাৰি মাহলৈ তদন্তৰ কোনো উম ঘাম দেখিবলৈ পোৱা নাছিল৷এই সন্দৰ্ভত একাংশ সংবাদমাধ্যমত ‘গেঠেলা মাৰিল চোৰাং কয়লা ব্যৱসায়ৰ তদন্ত’ শীৰ্ষক এক বাতৰিও প্ৰকাশ পাইছিল৷

ইয়াৰ পিছতে ৰাজ্য চৰকাৰে যোৱা ৩ ডিচেম্বৰত এই সন্দৰ্ভত ঘোষণা কৰিছে এক অধিসূচনা৷ উক্ত অধিসূচনা অনুসৰি কল ইণ্ডিয়া লিমিটেডৰ টিকক মুক্ত নিক্ষেপন প্ৰকল্প এলেকাকে ধৰি ডিগবৈ বন সংমণ্ডলৰ অধীনৰ শালেকি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত ২০০৩ চনৰে পৰা আজিলৈকে চলা কয়লাৰ অবৈধ খননৰ অনুসন্ধান কৰিব তদন্ত আয়োগে৷

যদিহে এই সময়ছোৱাত অবৈধ খনন কাৰ্য সম্পাদন হৈছে তেনেহ’লে অবৈধ কাৰ্যৰ সতে জড়িত ব্যক্তি, প্ৰতিষ্ঠানসমূহ চিনাক্ত কৰিব তদন্ত আয়োগে৷

২০০৩ চনৰ পিছৰে পৰা যদি কোনো সংস্থা, ব্যক্তিয়ে খনন আৱণ্টনৰ বাবে আবেদন কৰিছে, সেই নিষ্পত্তিৰ পদ্ধতি সম্পৰ্কে অনুসন্ধান কৰি সেই সময়ছোৱাত প্ৰদান কৰা খনন আৱণ্টনৰ মজুৰি প্ৰযোজ্য আইনসমূহ যেনে খনি আৰু খনিজ পদাৰ্থ আইন, অসম বন অধিনিয়ম, পৰিবেশ সংৰক্ষণ আইন, বন্যপ্ৰানী সংৰক্ষণ আইন অনুসাৰে হৈছে নে তাৰো অনুসন্ধান কৰিব তদন্ত আয়োগে৷

ৰাজ্য চৰকাৰে ডি/৮১৮৩/২০ নং অধিসূচনা যোগে ৮ টাকৈ বিষয়ৰ ওপৰত অনুসন্ধান কৰিব বুলি নিৰ্দেশনা জাৰি কৰিছে৷

আনফালে ২৫ ডিচেম্বৰত উক্ত তদন্ত আয়োগে শালেকি সংৰক্ষিত বনাঞ্চল আৰু টিকক মুক্ত নিক্ষেপন এলেকা পৰিদৰ্শন কৰাৰ লগতে ২৬ আৰু ২৭ ডিচেম্বৰত মাৰ্ঘেৰিটাত ৰাজহুৱা শুনানিও গ্ৰহন কৰিব৷

পুৱা ১০: ৩০ বজাৰ পৰা মাৰ্ঘেৰিটাৰ উন্নয়ন খণ্ডৰ কনফাৰেঞ্চ গৃহত ইচ্ছুক ব্যক্তি, অনুষ্ঠান প্ৰতিষ্ঠানে লিখিত অভিযোগ তথ্য প্ৰমাণ দাখিল কৰিব পাৰিব৷