NORTHEAST NOW (Assamese)

বিকশিত ভাৰত’ত মতবিৰোধ আৰু বিতৰ্কৰ বাবে অধিক স্থান থাকিব লাগিব: ন্যায়াধীশ উজ্জ্বল ভূঞা

March 23, 2026 10:20 pm · এন ই নাও নিউজ, গুৱাহাটী
Photo source: Internet

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই দেওবাৰে বেংগালুৰুত অনুষ্ঠিত উচ্চতম ন্যায়ালয় বাৰ এছ’চিয়েশ্যনৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিকশিত ভাৰতৰ ধাৰণা আৰু গণতান্ত্ৰিক অধিকাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। বিকশিত ভাৰতত ন্যায়পালিকাৰ ভূমিকাশীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰি তেওঁ কয় যে চৰকাৰৰ ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়াৰ সপোন প্ৰশংসনীয় হলেও, নাগৰিকৰ স্বাধীনতা আৰু মৰ্যাদাৰ বিনিময়ত এই অৰ্থনৈতিক বিকাশ কেতিয়াও গ্ৰহণযোগ্য হব নোৱাৰে। এখন বিকশিত ভাৰতত মতবিৰোধ আৰু বিতৰ্কৰ বাবে অধিক স্থান থাকিব লাগিব বুলি দৃঢ়ভাৱে উল্লেখ কৰি তেওঁ কয় যে ভিন্নমত পোষণ কৰাটো কেতিয়াও অপৰাধ হব নোৱাৰে।

মতবিৰোধক অপৰাধ হিচাপে গণ্য কৰাৰ শেহতীয়া প্ৰৱণতাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ন্যায়াধীশ ভূঞাই কয় যে প্ৰতিবাদ, ছাত্ৰ আন্দোলন আৰু ছচিয়েল মিডিয়াৰ মতপ্ৰকাশৰ ওপৰতো অপৰাধমূলক আইন জাপি দিয়াৰ এক ধাৰা শেহতীয়াকৈ বৃদ্ধি পাইছে। সামান্য কথাতে ৰাষ্ট্ৰযন্ত্ৰৰ দ্বাৰা ধাৰাবাহিকভাৱে এজাহাৰ দাখিল কৰাৰ ফলত সাধাৰণ জনতাই দীঘলীয়া জেৰা আৰু কাৰাবাসৰ সন্মুখীন হবলগীয়া হৈছে। তেওঁ স্পষ্ট কৰে যে ন্যায়পালিকাই ৰাষ্ট্ৰক এনে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ নিদিয়ে, কিন্তু ছচিয়েল মিডিয়াৰ সামান্য পোষ্টৰ ভিত্তিত গোচৰ ৰুজু হৈ উচ্চতম ন্যায়ালয়লৈকে অহাটো আৰু তাৰ বাবে বিশেষ অনুসন্ধানকাৰী দল (এছ আই টি) গঠন কৰিবলগীয়া হোৱাটো এক চিন্তনীয় বিষয়।

একে সময়তে, ন্যায়পালিকাৰ ভিতৰচৰাৰ বিষয়েও এক আত্মবিশ্লেষণমূলক মন্তব্য কৰি তেওঁ কয় যে বৰ্তমান ন্যায়পালিকাৰ একাংশৰ মাজত ৰজাতকৈ বেছি ৰাজভক্তহোৱাৰ এক মানসিকতাই ক্ৰিয়া কৰিছে। ইয়াৰ ফলস্বৰূপেই বিনা বিচাৰে বা জামিনবিহীনভাৱে বহু লোকে মাহৰ পিছত মাহ ধৰি কাৰাগাৰত আৱদ্ধ থাকিবলগীয়া হৈছে। প্ৰাক্তন ন্যায়াধীশ ভি আৰ কৃষ্ণ আয়াৰৰ জামিন নিয়ম, কাৰাবাস ব্যতিক্ৰমনীতিক স্মৰণ কৰি তেওঁ আক্ষেপ প্ৰকাশ কৰে যে বৰ্তমান এই নীতি ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে। বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউ এ পি এ) দৰে কঠোৰ আইনৰ ব্যাপক অপপ্ৰয়োগৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২০১৯ চনৰ পৰা ২০২৩ চনলৈ এই আইনৰ অধীনত দোষী সাব্যস্ত হোৱাৰ হাৰ মাত্ৰ একৰ পৰা ছয় শতাংশ। অথচ, নিৰ্দোষী প্ৰমাণিত হোৱাৰ সম্ভাৱনা অধিক থকাৰ পিছতো এজন ব্যক্তিক পাঁচ-ছয় বছৰ ধৰি কাৰাগাৰত আৱদ্ধ কৰি ৰখাটোৱে সাংবিধানিক উদ্বেগৰ সৃষ্টি কৰে।

এখন বিকশিত ভাৰতত দলিতৰ ওপৰত নিৰ্যাতন আৰু জাতিভিত্তিক বৈষম্যৰ কোনো স্থান থাকিব নোৱাৰে বুলিও ন্যায়াধীশগৰাকীয়ে মত প্ৰকাশ কৰে। তেওঁ কয় যে বিকশিত ভাৰতৰ সমাজ ব্যৱস্থাত অভিভাৱকে নিজৰ সন্তানক দলিতে ৰন্ধা আহাৰ গ্ৰহণত বাধা দিয়া বা দলিত লোকৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ দৰে অমানৱীয় ঘটনা সহ্য কৰিব নোৱাৰি। প্ৰতিগৰাকী ব্যক্তিৰ মৰ্যাদা সুৰক্ষিত হোৱাটো অপৰিহাৰ্য বুলি তেওঁ সোঁৱৰাই দিয়ে।

উচ্চ ন্যায়পালিকাত মহিলা ন্যায়াধীশৰ শোচনীয় সংখ্যাৰ ওপৰতো তেওঁ আলোকপাত কৰে। ন্যায়াধীশ ভূঞাই উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহৰ ন্যায়াধীশ নিযুক্তিৰ কলেজিয়ামব্যৱস্থাৰ পৰ্যালোচনাৰ পোষকতা কৰি কয় যে নিম্ন আদালতসমূহত পৰীক্ষাৰ জৰিয়তে নিযুক্তি হোৱাৰ বাবে তাত মহিলাৰ অংশগ্ৰহণ ২৭ শতাংশৰ পৰা ৬০ শতাংশলৈ বৃদ্ধি পাইছে। কিন্তু উচ্চ ন্যায়পালিকাত এই হাৰ একেবাৰেই বিপৰীত। কলেজিয়াম ব্যৱস্থাই কিয় যোগ্যতাসম্পন্ন মহিলাক উচ্চ আদালতৰ পৰা বঞ্চিত কৰিছে, তাৰ উত্তৰ বিচৰাৰ সময় আহি পৰিছে বুলিও তেওঁ মন্তব্য কৰে।

ভাষণৰ শেষত ন্যায়াধীশ ভূঞাই ন্যায়পালিকাৰ প্ৰকৃত ভূমিকা সন্দৰ্ভত কয় যে ন্যায়পালিকা ৰাষ্ট্ৰৰ চিৰস্থায়ী সমালোচকবা প্ৰশংসককোনোটোৱেই হব নালাগে। ই কেৱল নাগৰিকৰ অধিকাৰ ৰক্ষা আৰু আইনৰ শাসন বৰ্তাই ৰখাৰ নিজৰ মূল দায়িত্বত অবিচল থাকিব লাগে বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

Related News