• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিষ উপশমৰ পৰা মানসিক চাপ হ্রাসলৈকে: ‘হাইড্ৰ’থেৰাপী’ কেনেদৰে উপকাৰী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2026 6:55 am
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

​​শৰীৰৰ নানা ধৰণৰ ৰোগ নিৰাময়ৰ বাবে এতিয়া ঔষধ সেৱন কৰা বা অস্ত্ৰোপচাৰৰ কাষ চপাৰ প্ৰয়োজন নাই। কেৱল পানীত ডুব মাৰিয়েই শৰীৰৰ বিভিন্ন বিষ আৰু ক্লান্তি দূৰ কৰিব পৰা যায় বুলি দাবী কৰা হৈছে। চিকিৎসা বিজ্ঞানৰ এই বিশেষ পদ্ধতিটোক ‘হাইড্ৰ’থেৰাপী’ (Hydrotherapy) বুলি কোৱা হয়, যি বৰ্তমান সময়ত এক বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে। বাতবিষ আৰু স্নায়ুৰ ৰোগৰ লগতে মানসিক চাপ বা অৱসাদ দূৰ কৰাৰ ক্ষেত্ৰতো এই জলভিত্তিক চিকিৎসায়ো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। যিসকল লোকে দীৰ্ঘদিন ধৰি বিষৰ বাবে খোজকঢ়াত কষ্ট পায়, তেওঁলোকৰ বাবে এই পদ্ধতি বিশেষভাৱে উপকাৰী বুলি প্ৰমাণিত হৈছে।

​হাইড্ৰ’থেৰাপী কোনো নতুন ধাৰণা নহয় যদিও বৰ্তমান সময়ত একাংশ লোকে এই চিকিৎসাৰ ওপৰত যথেষ্ট ভৰসা কৰা দেখা গৈছে। এই পদ্ধতিত ৰোগীক ঘণ্টাৰ পিছত ঘণ্টা পানীত ডুব গৈ থাকিবলৈ দিয়া হয় অথবা পানীৰ সোঁতৰ বিপৰীতে সাঁতুৰিবলৈ কোৱা হয়। ইয়াৰ ফলত শৰীৰৰ সকলো পেশী আৰু স্নায়ুত এক নিৰ্দিষ্ট চাপ পৰে, যিয়ে কেৱল ক্ষত নিৰাময় কৰাই নহয়, বৰঞ্চ শৰীৰৰ ৰক্ত সঞ্চালনো বৃদ্ধি কৰে। এই চিকিৎসাত প্ৰশিক্ষকসকলে ৰোগীৰ শৰীৰৰ অৱস্থা বুজি পানীৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে। ইয়াত গৰম আৰু ঠাণ্ডা পানী পৰ্যায়ক্ৰমে ব্যৱহাৰ কৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা হয়। ইয়াৰ উপৰিও পানীত নামি কৰা ফিজিঅ’থেৰাপীক ‘হাইড্ৰ’ মাছাজ’ বুলিও কোৱা হয়, য’ত পানীৰ সোঁত আৰু উষ্ণতাক কামত লগাই শৰীৰৰ বিভিন্ন পেশীৰ প্ৰসাৰণ কৰোৱা হয়।

Apply Now

​ৰোগ অনুসৰি হাইড্ৰ’থেৰাপীৰ প্ৰকাৰ ভিন্ন হ’ব পাৰে। পানীত নামি কৰা ব্যায়াম, পানীৰ উষ্ণতা সলনি কৰি পুল-বাথ, হাইড্ৰ’ মাছাজ, পুল ট্ৰেডমিল অৰ্থাৎ পানীত খোজকঢ়া বা দৌৰাৰ চেষ্টা আৰু ষ্টিম বাথ আদি বিভিন্ন পদ্ধতি ইয়াৰ অন্তৰ্গত। ‘পাবমেড’ (PubMed) নামৰ গৱেষণা পত্ৰিকাত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, বয়সস্থ লোকসকলৰ বাবে এই জলভিত্তিক ব্যায়াম বা ‘একোৱা এৰোবিক থেৰাপী’ অত্যন্ত ফলপ্ৰসূ। গৱেষকসকলৰ মতে, মাটিত থিয় হৈ ব্যায়াম কৰোঁতে মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱৰ বাবে শৰীৰৰ ওপৰত যিমান হেঁচা পৰে, পানীত সেই হেঁচা বহু পৰিমাণে হ্ৰাস পায়। উদাহৰণস্বৰূপে, ষাঠি কিলোগ্ৰাম ওজনৰ এজন ব্যক্তিয়ে পানীত নামিলে নিজৰ ওজন আধা হোৱা যেন অনুভৱ কৰে। সেয়েহে, আঁঠু বা কঁকালৰ বিষৰ বাবে যিসকলে সাধাৰণভাৱে ব্যায়াম কৰিব নোৱাৰে, তেওঁলোকেও পানীত অনায়াসে কাৰ্ডিঅ’ৰ দৰে ব্যায়াম কৰিব পাৰে, যিয়ে শৰীৰৰ অস্থিসন্ধিসমূহৰ শক্তি বৃদ্ধি কৰে।

​বয়স বঢ়াৰ লগে লগে শৰীৰৰ ভাৰসাম্য কমি আহে, যাৰ বাবে পানীত কৰা ব্যায়াম বয়সস্থসকলৰ বাবে বেছি নিৰাপদ আৰু সুবিধাজনক। শাৰীৰিক সমস্যাৰ উপৰিও মানসিক চাপ, অৱসাদ আৰু হৰম’নৰ ভাৰসাম্যহীনতাত ভুগি থকা ৰোগীৰ বাবেও এই থেৰাপী এক কাৰ্যকৰী উপায় হিচাপে বিবেচিত হৈছে। ভাৰতবৰ্ষত এই চিকিৎসাৰ ব্যয় প্ৰতিটো চেচনত প্ৰায় দুহেজাৰৰ পৰা পাঁচ হেজাৰ টকা পৰ্যন্ত হ’ব পাৰে। অৱশ্যে ৰোগীক কি ধৰণৰ হাইড্ৰ’থেৰাপী প্ৰদান কৰা হ’ব, তাৰ ওপৰত ভিত্তি কৰিহে প্ৰকৃত খৰচৰ পৰিমাণ নিৰ্ধাৰণ কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd