লক্ষ্ণৌৰ এটা গেষ্ট হাউচত থাকিবলৈ আহিছিল এহাল যুৱ দম্পতী। ২০ দিনৰ মূৰত তাতেই ওলমি থকা অৱস্থাত উদ্ধাৰ হয় তেওঁলোকৰ মৃতদেহ। অতিথিশালাৰ মেনেজাৰে ফোন কৰি আৰক্ষীক খবৰ দিয়ে।
প্ৰাথমিক অনুমান অনুসৰি তেওঁলোকে ওৰণি ব্যৱহাৰ কৰি ফেনত চিপ লৈ আত্মহত্যা কৰিছিল যদিও তদন্ত চলি আছে। ইমান দিনে দম্পতীহালে অতিথিশালাত কিয় আছিল সেই কথাও জানিবলৈ চেষ্টা কৰা হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত যুৱকজনৰ নাম অমিত কুমাৰ (২২) আৰু তেওঁৰ পত্নী নাৰ্গিছ (১৯)। কিছুদিন পূৰ্বে লক্ষ্ণৌৰ চিনহাট থানা এলেকাৰ ৰেড বিল্ডিং গেষ্ট হাউচত চেক ইন কৰিছিল। ২৩ আগষ্টৰ পৰা নাৰ্গিছ আৰু অমিত ১০১ নম্বৰ কোঠাত আছিল।
বুধবাৰে নিশা যেতিয়া মেনেজাৰে তেওঁলোকৰ ৰুমলৈ যায় তেতিয়া দুয়োকে ওলমি থকা অৱস্থাত দেখা পায়। খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
যেতিয়া আৰক্ষীয়ে মৃতকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰে তেতিয়া তেওঁলোকে এটা নতুন তথ্যৰ লাভ কৰে। যোৱা মাহৰ শেষ সপ্তাহৰ পৰা দুয়োজনকে বিচাৰি পোৱা নাছিল। জানিব পৰা মতে, নৰ্গিছৰ পৰিয়ালে হৰপালপুৰ আৰক্ষী থানাত অপহৰণৰ লিখিত এজাহাৰ দাখিল কৰিছে।
অতিথিশালাৰ কোঠাৰ পৰা বিবাহৰ প্ৰমাণ পত্ৰ উদ্ধাৰ হৈছে, আৰক্ষীয়ে সন্দেহ কৰিছে যে অমিত আৰু নৰ্গিছৰ বিয়া স্থানীয় হিন্দু মন্দিৰত হৈছিল। অৱশ্যে সেই নথিখনত নৰ্গিছৰ নাম পূজা বুলি উল্লেখ কৰা হৈছিল।
কোঠাটোৰ পৰা এখন ছুইচাইড নোটও উদ্ধাৰ কৰা হৈছে। প্ৰাথমিক তদন্তৰ অন্তত পাৰিবাৰিক অশান্তি আৰু ব্যক্তিগত পৰিস্থিতিৰ বাবে দম্পতীহালে এই চৰম পদক্ষেপ ল’বলৈ বাধ্য হৈছিল বুলি আৰক্ষীয়ে অনুমান কৰিছে।
সকলো তথ্য ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। দুয়োৰে পৰিয়ালক সোধা-পোছা অব্যাহত ৰাখিছে। নাৰ্গিছ আৰু অমিত বেলেগ ধৰ্মৰ আছিল, সেয়ে তেওঁলোকৰ পৰিয়ালে এই সম্পৰ্ক মানি ল’ব বিচৰা নাছিল আৰু সেইবাবেই দুয়ো ঘৰৰ পৰা পলাই বিয়া পাতিছিল? কিন্তু আত্মহত্যাৰ কাৰণ কেৱল ব্যক্তিগত নে ইয়াৰ আঁৰত আন কিবা ষড়যন্ত্ৰ আছে, আৰক্ষীয়ে তাৰ তদন্ত কৰি আছে।


