• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মনোনয়ন দাখিলৰ অন্তিম দিনা কংগ্ৰেছৰ ব্যাপক শক্তি প্ৰদৰ্শন: বিশাল সমদলৰে যোৰহাটত গৌৰৱ গগৈ মনোনয়ন দাখিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2026 9:52 pm
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা অৰ্থাৎ সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সমগ্ৰ ৰাজ্যতে ব্যাপক শক্তি প্ৰদৰ্শন কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে যোৰহাটত এক বিশাল সমদলৰ মাজেৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ সমান্তৰালকৈ ৰাজধানী গুৱাহাটী আৰু ৰাজ্যৰ অন্যান্য প্ৰান্ততো দলটোৰ লগতে মিত্ৰজোঁটৰ কেইবাগৰাকীও প্ৰধান প্ৰাৰ্থীয়ে আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰে।

যোৰহাট চহৰৰ মাজমজিয়াত সহস্ৰাধিক সমৰ্থকৰ উপস্থিতিত এক বিশাল সমদল কৰি ১০০নং যোৰহাট বিধানসভা সমষ্টিৰ কংগ্ৰেছ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ পূৰ্বে তেওঁ প্ৰয়াত পিতৃ তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে ককাক-আইতাকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জনসেৱাৰ সংকল্প লয়। সৰ্বধৰ্ম-সম্প্ৰীতিৰ বাৰ্তা বিলাই তেওঁ যোৰহাটৰ গুৰুদ্বাৰ, মন্দিৰ, নামঘৰ, মছজিদ আৰু গীৰ্জাঘৰ দৰ্শন কৰি আশীৰ্বাদ গ্ৰহণ কৰে। তেওঁৰ সৈতে যোৰহাট জিলাৰ তিতাবৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰাণ কুৰ্মী আৰু টীয়কৰ প্ৰাৰ্থী পল্লৱী শইকীয়া গগৈয়েও মনোনয়ন দাখিল কৰে।

Apply Now

মনোনয়ন দাখিলৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে শাসকীয় দল বিজেপিক তীব্ৰ সমালোচনা কৰে। ডিমা হাছাও জিলাত আদানি আৰু আম্বানিক স্থানীয় ৰাইজৰ অগোচৰে ভূমি প্ৰদান কৰাৰ বিৰোধিতা কৰাৰ বাবেই তদানীন্তন মন্ত্ৰী নন্দিতা গাৰ্লোছাক বিজেপিয়ে টিকটৰ পৰা বঞ্চিত কৰা বুলি গৌৰৱ গগৈয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে। কংগ্ৰেছে পুঁজিপতিৰ সলনি জনজাতীয় লোকৰ অধিকাৰ আৰু সংবিধানৰ সপক্ষে থকা নেতাকহে বিচাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ ৰাইজে এখন নিকা আৰু দুৰ্নীতিমুক্ত নতুন অসম বিচাৰে। আনহাতে, তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই নিৰ্দলীয়ভাৱে মনোনয়ন দাখিল কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে আশা প্ৰকাশ কৰে যে দলৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিধায়কগৰাকীয়ে কংগ্ৰেছৰ ক্ষতিসাধন হোৱা কোনো কাৰ্য নকৰে আৰু এই সন্দৰ্ভত এআইচিচিৰ নেতৃত্বই আলোচনা অব্যাহত ৰাখিছে।

ইফালে, ৰাজধানী গুৱাহাটীতো কংগ্ৰেছ দলে ব্যাপক উছাহৰ মাজেৰে মনোনয়ন দাখিল কৰে। দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা আৰু নিউ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী শান্তনু বৰাই ৰাজীৱ ভৱনৰ পৰা সমদল উলিয়াই হেঙেৰাবাৰীস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। লগতে জালুকবাৰীৰ প্ৰাৰ্থী বিদিশা নেওগেও মনোনয়ন দাখিল কৰে। প্ৰাৰ্থীসকলক সংগ দি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে দাবী কৰে যে ৰাজ্যৰ ৰাইজে বৰ্তমানৰ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে সজাগ হৈ পৰিৱৰ্তন বিচাৰিছে আৰু ২০২৬ চনত গৌৰৱ গগৈৰ নেতৃত্বত অসমে এখন নতুন চৰকাৰ লাভ কৰিব।

মনোনয়ন দাখিলৰ এই অন্তিম দিনটোত ৰাজ্যৰ আন কেইবাখনো আসনৰ বাবে কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে প্ৰাৰ্থিত্ব আগবঢ়ায়। ইয়াৰ ভিতৰত পাহাৰীয়া জিলা ডিমা হাছাওৰ হাফলং সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নন্দিতা গাৰ্লোছা, ছিপাঝাৰত বিনন্দ কুমাৰ শইকীয়া, ৰঙিয়াত প্ৰাণজিৎ চৌধুৰী, ছমৰীয়াত ৰেকিবুদ্দিন আহমেদ, বিহপুৰীয়াত নাৰায়ণ ভূঞা, ৰঙানদীত জয়ন্ত খাউণ্ড, বৰক্ষেত্ৰীত দিগন্ত বৰ্মন, নলবাৰীত অশোক শৰ্মা আৰু নগাঁও-বটদ্ৰৱাত দুৰ্লভ চমুৱাই মনোনয়ন দাখিল কৰে। ইয়াৰ উপৰিও সোণাৰিত উৎপল গগৈ, অভয়াপুৰীত প্ৰদীপ সৰকাৰ, তিনিচুকীয়াত ডেভিদ ফুকন, দেৰগাঁৱত সাগৰিকা বৰা, ঢকুৱাখনাত আনন্দ নৰহ, ডিমৌত অজয় কুমাৰ গগৈ আৰু নদুৱাৰ সমষ্টিত সুনীল ছেত্ৰীয়ে আনুষ্ঠানিকভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am
‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd