অযোধ্যা গোচৰৰ ৰায়দান কৰা ন্যায়াধীশ এছ আব্দুল নজীৰক Z কেটেগুৰিৰ নিৰাপত্তা

justice_nazeer_1573996939_618x347 next

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আব্দুল নজীৰ।

কেন্দ্ৰীয় চৰকাৰে অযোধ্যা গোচৰত ৰায়দান কৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এছ আব্দুল নজীৰ আৰু তেওঁৰ পৰিয়ালক জেদ কেটেগুৰিৰ নিৰাপত্তা দিয়াৰ সিদ্ধান্ত লৈছে।

নিষিদ্ধ সংগঠন পপুলাৰ ফ্ৰন্ট অফ ইণ্ডিয়া (পি এফ আই)ৰ পৰা ন্যায়াধীশ এছ আব্দুল নজীৰ আৰু তেওঁৰ পৰিয়াললৈ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এই সুৰক্ষা ব্যৱস্থা আগবঢ়োৱা হৈছে।

ন্যায়াধীশ নজীৰ অযোধ্যা গোচৰত ৰায়দান কৰা উচ্চতম ন্যায়ালয়ৰ পাঁচগৰাকী বিচাৰপতিৰ মাজৰ এগৰাকী ন্যায়াধীশ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ন্যায়াধীশ নজীৰ আৰু তেওঁৰ পৰিয়ালক জেদ কেটেগুৰিৰ নিৰাপত্তা ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ) আৰু স্থানীয় আৰক্ষীক নিৰ্দেশ দিছে।

সুৰক্ষা সংস্থাসমূহে অযোধ্যা গোচৰত ৰায়দানৰ পাছত পি এফ আই আৰু আন সংগঠনৰ পৰা আব্দুল নজীৰ তথা তেওঁৰ পৰিয়ালৰ প্ৰতি প্ৰাণৰ সংশয়ৰ কথা প্ৰকাশ কৰিছিল।

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি মতে কৰ্ণাটক আৰু আন স্থানত থকা ন্যায়াধীশ আব্দুল নজীৰৰ পৰিয়ালৰ লোকসকলৰ সুৰক্ষা ব্যৱস্থা আগবঢ়োৱা হ’ব।

ন্যায়াধীশ নজীৰৰ পৰিয়ালক বেংগালুৰু যাত্ৰাৰ সময়তো এই সুৰক্ষা ব্যৱস্থা দিয়া হ’ব। এই সময়ত তেওঁলোকৰ সৈতে অৰ্দ্ধসামৰিক বাহিনীৰ ২২জন জোৱানৰ লগতে আৰক্ষী জোৱানো থাকিব। লগতে জেদ প্লাছ সুৰক্ষা আগবঢ়োৱা হ’ব।

উল্লেখযোগ্য যে ন্যায়াধীশ নজীৰ অযোধ্যা গোচৰৰ উপৰি তিনি তালাক ব্যৱস্থাক বেআইনী ঘোষণা কৰা উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ ৫জনীয়া বিচাৰকৰ বিচাৰপীঠৰ সদস্যও আছিল।

৬১বছৰীয়া ন্যায়াধীশ নজীৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ত ১৯৮৩ চনত অধিবক্তা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ ২০০৩ চনত উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ নিযুক্ত হয়। ইয়াৰ পাছত ২০১৭চনৰ ১৭ ফেব্ৰুৱাৰিত তেওঁক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতি দিয়া হয়।