• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত অবৈধ কয়লাৰ বিৰুদ্ধে ন্যায়াধীশ বি পি কটকী তদন্ত আয়োগৰ ৰাজহুৱা শুনানি

ছাত্ৰ মুক্তি, আদিবাসী ছাত্ৰ সন্থাকে ধৰি একাধিক দল সংগঠনে দাখিল কৰিলে তথ্য

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
December 26, 2020 8:19 pm
IMG-20201226-WA0041
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ন্যায়াধীশ বি পি কটকী তদন্ত আয়োগে কালি মাৰ্ঘেৰিটাৰ টিকক কলিয়ৰি আৰু টিৰাপত অবৈধ কয়লাৰ খননৰ সন্দৰ্ভত ক্ষেত্ৰ পৰ্যবেক্ষন কৰাৰ পিছতে মাৰ্ঘেৰিটাত আজি গ্ৰহণ কৰে ৰাজহুৱা শুনানি।

সেই উপলক্ষে পুৱা ১০: ৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ সভাকক্ষত অনুষ্ঠিত ৰাজহুৱা শুনানিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আদিবাসী ছাত্ৰ সন্থা, আছুকে ধৰি একাধিক দল সংগঠনে অভিযোগ আৰু অবৈধ কয়লাৰ খনন আৰু সৰবৰাহৰ সন্দৰ্ভত তথ্য প্ৰমাণ দাখিল কৰে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰাহুল ছেত্ৰী, তিনিচুকীয়া জিলাৰ সভাপতি সম্পাদক লক্ষ্যজ্যোতি গগৈ, পাপু দত্তকে ধৰি এটা দলে ন্যায়াধীশ বি পি কটকীৰ হাতত অবৈধ কয়লা খনন আৰু সৰবৰাহৰ সন্দৰ্ভত নথি পত্ৰ,  তথ্যৰ তিনিটাকৈ বৃহৎ ফাইল, ভিডিঅ আৰু ফটোগ্ৰাফ আদি দাখিল কৰে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰাহুল ছেত্ৰীয়ে কয় যে, বিগত সময়ত মাৰ্ঘেৰিটাত কয়লাৰ যি অবৈধ খনন আৰু সৰবৰাহ চলি আহিছিল, সেই সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিগত সময়ত প্ৰতিবাদ কৰি আহিছে।

মাৰ্ঘেৰিটা প্ৰকৃতি জৈৱ বৈচিত্ৰ্য ধ্বংস কৰি কেতিয়াও বনজ সম্পদ লুণ্ঠন কৰিবলৈ দিয়া নহব।

আনহাতে, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি জাৰ্নেল মিঞ্জেও অবৈধ কয়লাৰ সন্দৰ্ভত ভালে সংখ্যক তথ্য প্ৰমাণ দাখিল কৰে।

আজিৰ এই ৰাজহুৱা শুনানিতে কয়লা মাফিয়াৰ আক্ৰমণত চিৰদিনৰ বাবে পংগুত্বক আকুৱালি লবলগীয়া হোৱা সাংবাদিক দিগন্ত চেতিয়া উপস্থিত হৈ ন্যায়াধীশ বি পি কটকীৰ আগত অবৈধ কয়লা সৰবৰাহৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ কিদৰে কয়লা মাফিয়াৰ আক্ৰমণৰ বলি হৈছিল সেই কথা ব্যক্ত কৰে।

সেইদৰে অবৈধ কয়লা খননৰ ফলত অকালতে প্ৰাণ হেৰুৱা বিভিন্ন প্ৰান্তৰৰ কেইবাজনো শ্ৰমিকৰ পৰিয়ালে শুনানিত সাক্ষ্য প্ৰদান কৰে। অহা কালিলৈও দ্বিত্বীয় দিনৰ বাবে একেটা স্থানতে ৰাজহুৱা শুনানি অনুষ্ঠিত হব।

কালিলৈও একাধিক অনুষ্ঠান, দল সংগঠনে সাক্ষ্য প্ৰমাণ দাখিল কৰাৰ কথা। আজিৰ এই ৰাজহুৱা শুনানিত তিনিচুকীয়া জিলাৰ উপায়ুক্ত, এছ পি শিলাদিত্য চেতিয়া, মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস, মাৰ্ঘেৰিটা নগৰ সমিতিৰ কাৰ্যবাহী বিষয়া মুনচুন বৰকাকতি, ডিগবৈ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া পি চি ৰঞ্জিত ৰাম সহ কেইবাগৰাকী জিলা প্ৰশাসনৰ উচ্ছ পদস্থ বিষয়াই সহযোগিতা আগবঢ়ায়।

উল্লেখ যে অসম চৰকাৰে অবৈধ কয়লাৰ বিৰুদ্ধে তদন্ত ঘোষণাৰ পাছৰে পৰা চোৰাং কয়লা মাফিয়াৰ সামৰাজ্যখনত ত্ৰাসৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে।

অন্যহাতে এই আয়োগে কেনেধৰণৰ প্ৰতিবেদন প্ৰস্তুত কৰি ৰাজ্য চৰকাৰ হাতত জমা দিয়ে সেইয়া প্ৰতিজন সচেতন ৰাইজে দৃষ্টি নিবদ্ধ ৰাখিছে কাৰণ চোৰাং কয়লা চিণ্ডিকেটৰ ফলত মাৰ্ঘেৰিটা মহকুমা সংৰক্ষিত বনাঞ্চল এলেকাত ব্যাপক ৰূপত প্ৰকৃতি ধ্বংস হোৱাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক ক্ষেত্ৰখনত ব্যাপক ৰূপত ক্ষতি কৰি আহিছে।

কমিচন অৱ এনকুৱাৰী আইন ১৯৫২ৰ অধীনত মাৰ্ঘেৰিটাত চলি থকা বে আইনী কয়লা খনন কাৰ্য আৰু বিভিন্ন প্ৰযোজ্য আইন উলংঘা কৰি ছালেকি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু টিকক মুক্ত নিক্ষেপন এলেকাৰ বিভিন্ন স্থানত চলা অবৈধ কয়লা খননৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন, অনুষ্ঠান ব্যক্তি বিশেষৰ অভিযোগৰ সংক্ৰান্তত ৰাজ্য চৰকাৰে গঠন কৰা ন্যায়ধীশ বি পি কটকী তদন্ত আয়োগে ইতিমধ্যে আৰম্ভ কৰা শুনানিয়ে অনাগত দিনত উত্তৰ পূৱ কয়লা ক্ষেত্ৰত পুনৰ মুকলিৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ বিষয়বোৰৰ ওপৰত যথেষ্ট গুৰুতপূৰ্ণ বুলি বিবেচিত হৈছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd