ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগৰ গোচৰৰ শুনানিৰ পৰা আঁতৰিলে ন্যায়াধীশ ৰামানা

Ramana-pic-1-750x375

ন্যায়াধীশ ৰামানা। ফটো : নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ সৌজন্যত

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগৰ গোচৰৰ শুনানিৰ পৰা বৃহস্পতিবাৰে নিজকে আঁতৰাই নিলে ন্যায়াধীশ এন ভি ৰামানাই।

বাতৰিত প্ৰকাশ পোৱা মতে ন্যায়াধীশ ৰামানা দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগৰ তদন্তৰ বাবে গঠন কৰা আদালতৰ নিজা তিনিজনীয়া কমিটিখনৰ এগৰাকী সদস্য আছিল।

এই তদন্ত কমিটিখনৰ মুৰব্বী হিচাপে আছে ন্যায়াধীশ এছ এ ববদে।

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা উচ্চতম ন্যায়ালয়ৰ অপসাৰিত কৰ্মচাৰীগৰাকীয়ে কমিটিত ন্যায়াধীশ ৰামানাৰ অন্তৰ্ভুক্তি সম্পৰ্কত আপত্তি দৰ্শাই পত্ৰ লিখাৰ পাছতেই ন্যায়াধীশগৰাকীয়ে নিজেই আঁতৰি থকাৰ সিদ্ধান্ত লয়।

উল্লেখযোগ্য যে ন্যায়াধীশ এছ এ’ ববদে, ন্যায়াধীশ এন ভি ৰামানা আৰু ন্যায়াধীশ ইন্দিৰা বেনাৰ্জীক লৈ মঙলবাৰে কমিটিখন গঠন কৰা হৈছিল।

ন্যায়াধীশ ববদেই কমিটিখনৰ নেতৃত্ব দিছে। ববদে মুখ্য ন্যায়াধীশ গগৈৰ পিছতে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠতম বিচাৰপতি। আনহাতে, ন্যায়াধীশ এন ভি ৰামানা সৰ্বোচ্চ ন্যায়ালয়ৰ তৃতীয় জ্যেষ্ঠ বিচাৰক।

বাতৰি অনুসৰি, তিনিজনীয়া কমিটিখন গঠন সন্দৰ্ভত মঙলবাৰে সন্ধিয়ালৈকে উচ্চতম ন্যায়ালয়ত ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছিল।