শিলঘাটৰ মৰাপাটৰ কল কাৰ্যক্ষম হোৱাৰ পিছতো খেতিয়কে পোৱা নাই মৰাপাটৰ উচিৎ মূল্য

চামগুৰিত খেতিয়কে পোৱা নাই মৰাপাটৰ উচিত মূল্য ৷

নগাঁও জিলাৰ চামগুৰিৰ বিশেষকৈ বৃহত্তৰ ভুৰবন্ধা অঞ্চলত মৰাপাট খেতিৰে স্বাৱলম্বী হ’ব খোজা খেতিয়ক সকলৰ দ্বাৰা উৎপাদিত মৰাপাটে আজিও পোৱা নাই উচিত বজাৰ মূল্য ৷

যাৰ বাবে খেতিয়ক ৰাইজৰ দুৰৱস্থাৰ সন্মুখীন হৈছে।

পূৰ্বে মৰাপাটৰ দাম মোনে প্ৰতি চাৰি হাজাৰ টকালৈ উঠাৰ বিপৰীতে বৰ্তমান ইয়াৰ মূল্য ওঠৰ শ টকালৈ হ্ৰাস পোৱা দেখা গৈছে ৷

শিলঘাটৰ মৰাপাটৰ কলটো কাৰ্য্যক্ষম হোৱাৰ পাছতো কি কাৰণত ইয়াৰ দাম ইমান কম হৈ আছে সেয়া এক ৰহস্য জনক কথা ৷

এই ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ খেতিয়ক সকলে আহ্বান জনাইছে৷

উল্লেখ্য অসমৰ মৰাপাট খেতিয়কসকলে আজিও সংঘবদ্ধভাবে উচিৎ মূল্য আদায়ৰ বাবে থিয় দিব পৰা নাই। ইয়াৰেই সুবিধা গ্ৰহণ কৰিছে একাংশ মধ্যভোগীয়ে।