২১ৰ নিৰ্বাচনত কংগ্ৰেছত ৫০-৬০ শতাংশ যুৱ প্ৰাৰ্থীক সুযোগ : যুৱ কংগ্ৰেছৰ ‘যুৱহুংকাৰ’ত সংকল্প

‘তোমালোক জেইলত থাকিলে ময়ো জেইলত থাকিম’ যুৱ কংগ্ৰেছীক উদ্দেশ্যি গৌৰৱ গগৈ

4f3eda21-f56f-42b7-9a53-ad6a5017605d

২১ৰ নিৰ্বাচনত অসম প্ৰদেশ কংগ্ৰেছে যুৱকসকলক প্ৰাধান্য দিব অৰ্থাৎ যুৱ কংগ্ৰেছৰ প্ৰতিনিধিসকলক গুৰুত্ব প্ৰদান কৰিব।

এই কথা আজি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত যুৱ কংগ্ৰেছীৰ ‘যুৱ হুংকাৰ’ অনুষ্ঠানত তিনিজন প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মুখত অতি সুন্দৰভাৱে স্পষ্ট হয়।

তেওঁলোক তিনিও প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সন্মুখতে ভাষণ ৰাখি যুৱ প্ৰজন্মক আগন্তুক নিৰ্বাচনত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনোৱাৰ লগতে নেতৃত্ব দিবলৈও আহ্বান জনায়।

প্ৰথমে যুৱ সাংসদ তথা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে উদাত্ত কণ্ঠৰে ভাষণ প্ৰদান কৰি কয় ‘যুৱ কংগ্ৰেছৰ এই ৰেলীয়ে প্ৰমাণ কৰি দিছে যেতিয়া যুৱ কংগ্ৰেছৰ প্ৰতিনিধিসকল সমগ্ৰ অসমতে ওলাই আহিব তেন্তে আগন্তুক দিনত কংগ্ৰেছৰ চৰকাৰ হ’ব।‘

গুৱাহাটীত আৰম্ভ হোৱা এই যুৱ হুংকাৰ জিলাই জিলাই, পঞ্চায়তে পঞ্চায়তে বা ৱাৰ্ডে ৱাৰ্ডে লৈ যাব লাগিব বুলি সদৰী কৰি গৌৰৱে লগতে কয় ‘যুৱ কংগ্ৰেছৰ শক্তি দেখি শত্ৰুসকলে ভয় খাই গৈছে। কংগ্ৰেছ দলৰ পৰা এজোপা গছ লৈ গ’লে নতুনকৈ হাজাৰ হাজাৰ গছ উঠি আহিব।‘

যুৱ কংগ্ৰেছে দুৰ্নীতি, মূল্যবৃদ্ধি আৰু নিৱনুৱা সমস্যাৰ বিষয়ে পঞ্চায়তে পঞ্চায়তে ৰাইজৰ মাজলৈ লৈ যাব লাগিব বুলিও তেওঁ আহ্বান জনায়।

ইপিনে, আগন্তুক দিনত কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাত যুৱ প্ৰজন্মৰ নাম আহিব বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰোঁতে যুৱ কংগ্ৰেছৰ পৰামৰ্শ ল’ব লাগিব। দিল্লী-দিছপুৰত ঘূৰি থাকিলেই নহ’ব। পথাৰত নামি যি যুৱকসকলক লগত লৈ কাম কৰিছে তেওঁকহে আগুৱাই লৈ যাম।‘

প্ৰয়াত মুখ্যমন্ত্ৰীৰ বহল সপোন পূৰণৰ বাবে যুৱকসকলে য’তে বিচাৰে তাতে গৌৰৱ গৈ উপস্থিত হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘তোমালোকে পথাৰত কষ্ট কৰিলে ময়ো তোমালোকৰ লগত কষ্ট কৰিম। তোমালোক যদি জেইললৈ যাবলগীয়া হয় ময়ো জেইললৈ যাম।‘

আনহাতে, উক্ত প্ৰতিবাদী কাৰ্যসূচীত ভাষণ প্ৰদান কৰি কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনেও যুৱকসকলক আগন্তুক ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে গুৰুত্ব প্ৰদান কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক আহ্বান জনায়।

তেওঁ কয় ‘এটা সময়ত যুৱ কংগ্ৰেছৰ প্ৰতিবাদত অহাৰ বাবে আজি এই মঞ্চত বহিবলৈ সুযোগ পাইছো। আগন্তুক ২১ৰ নিৰ্বাচনৰ পাছত আমি তলত বহিম আৰু তোমালোকৰ মাজৰ পৰা বহু ল’ৰা ওপৰত বহিবা। তোমালোকৰ মাজৰ পৰাই বহু ল’ৰা বিধায়ক হ’ব।‘

ৰিপুন বৰাক উদ্দেশ্যি ৰকিবুল হুছেইনে লগতে কয় ‘এইবাৰ সকলোতকৈ বেছি গুৰুত্ব যুৱকসকলক দিব লাগে। অন্তত ৫০-৬০ শতাংশ যুৱপ্ৰজন্মৰ নতুন মুখক বিধায়ক প্ৰাৰ্থী দিব লাগে।‘

আনহাতে, উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি বৰপেটাৰ সাংসদ আব্দুল খালেকে কয় ‘২০০১ চনত এইদৰে অসমৰ যুৱক-যুৱতীসকল ওলাই আহিছিল। যুৱ প্ৰজন্মৰ উৎসাহৰ কাৰণে সেই সময়ৰ বলিষ্ঠ নেতা তৰুণ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল কংগ্ৰেছে।‘

তেওঁ লগতে কয় ‘২০২১ তো যুৱকসকলে পৰিৱৰ্তন আনিব লাগিব। যুৱ কংগ্ৰেছৰ যুৱ প্ৰতিনিধিসকলে সেই পৰিৱৰ্তনৰ নেতৃত্ব দিব লাগিব।

সভাপতি ৰিপুন বৰাক উদ্দেশ্যি কয় ‘পূৰ্বে যিদৰে যুৱ কংগ্ৰেছক গুৰুত্ব দিয়া হৈছিল আগন্তুক নিৰ্বাচনত যুৱ কংগ্ৰেছক তাতোতকৈ বেছি গুৰুত্ব দিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ লগতে অন্য নেতৃত্বক আহ্বান জনাইছো।‘