গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালক নিত্য প্ৰয়োজনীয় বিভিন্ন খাদ্য সামগ্ৰী প্ৰদান কাকপথাৰ প্ৰেছ ক্লাবৰ

IMG-20200408-WA0071
চহৰ-নগৰত যিদৰে দৰিদ্ৰ পৰিয়ালে খাদ্য সামগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে তেনেদৰে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালে আজিও চৰকাৰে যোগান ধৰা জৰুৰীকালীন খাদ্য সামগ্ৰী লাভ কৰিবলৈ সক্ষম নোহোৱাকৈ লঘোণে দিন কটাব লগীয়া হৈছে।
এনে সময়তে চৰকাৰী সাহাৰ্য সামগ্ৰীৰ লাভৰ পৰা বঞ্চিত দৰিদ্ৰ পৰিয়ালক এমুঠি অন্নৰ ব্যৱস্থাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰ প্ৰেছ ক্লাবৰ সংবাদকৰ্মীসকলে অঞ্চলটোৰ অতি পিছ পৰা গাঁও হিচাপে চিহ্নিত গন্ধগুৰি হাঁহখাটি গাঁও, বৰমেচাই গাঁও, চুমনি গাঁও আদিকে কৰি বিভিন্ন অতি ভিতৰুৱা গাঁৱৰ দৰিদ্ৰ পৰিয়ালক নিত্য প্ৰয়োজনীয় কেঁচা খাদ্য সামগ্ৰী প্ৰদান কৰি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰে৷
উল্লেখ যে সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত থকা ২১ দিনীয়া লকডাউন’ৰ সময়চোৱাত তিনিচুকীয়া জিলাৰ কাকপথাৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত শদিয়া বিধানসভা সমষ্টিৰ ভিতৰুৱা গ্ৰাম্য অঞ্চলত চৰকাৰী যোগান বিভাগে দৰিদ্ৰ পৰিয়াল সমূহক জৰুৰীকালীন খাদ্য সামগ্ৰীসমূহ যোগান ধৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উঠিছে৷
ইয়াৰ মাজতে মানৱীয়তাৰ মহান মহানুভৱতা দাঙি ধৰি কাকপথাৰ প্ৰেছ ক্লাবৰ সংবাদকৰ্মীসকলে দৰিদ্ৰ পৰিয়ালসমূহক যোৱা ০১ এপ্ৰিলৰ পৰা ধাৰাবাহিকভাৱে বিভিন্ন সময়ত বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰি আহিছে৷ সচেতন মহলে কাকপথাৰ প্ৰেছ ক্লাবৰ মহানুভৱতাক শলাগ জ্ঞাপন কৰিছে ৷