• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিৰ কৰ্মীসকলেই এতিয়া নিজৰ দলটোক চিনিব নোৱৰা হৈছে : গৌৰৱ গগৈ

উত্তম শইকীয়া by উত্তম শইকীয়া
September 11, 2019 7:18 am
1.2k
VIEWS
Share on FacebookShare on Twitter

‘বিজেপিৰ কৰ্মীসকলেই এতিয়া নিজৰ দলটোক চিনিব নোৱৰা হৈছে’ এই মন্তব্য কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ।

আজি এলানি কাৰ্যসূচীৰে বোকাখাতত উপস্থিত হোৱা সাংসদ গৰাকীক সাংবাদিকে বিজেপিলৈ কংগ্ৰেছৰ পৰা সোঁত বোৱা প্ৰসংগত প্ৰশ্ন কৰাত তেওঁ এনেদৰে কয়।

তেওঁ কয়, ‘এতিয়া বিজেপিৰ কৰ্মীসকলেই নিজৰ দলটোক চিনিব নোৱাৰা হৈছে কিয়নো যাক তেওঁলোকে গালি পাৰিছিল এতিয়া তেওঁলোকেই বিজেপিত সভা শুৱনি কৰি বহি থাকে’।

সাৰদা কেলেংকাৰি, লুইজ বাৰ্জাৰ কেলেংকাৰীৰ লগতে বৰাক উপত্যকাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে বিজেপি দল এটা খিচিৰি দল। বিজেপিত এতিয়া অপৰাধীয়ে ভৰি পৰিছে।

তদুপৰি এন আৰ চিক লৈ বিজেপিয়ে ৰাজনীতি কৰা বুলি তেওঁ কয়। তেওঁৰ মতে থলুৱাৰ স্বাৰ্থ সুৰক্ষাৰ বাবে কংগ্ৰেছ চৰকাৰেই এন আৰ চি আনিছিল। কিন্তু ‘বিজেপিৰ ভূলৰ বাবে আজি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা থলুৱা লোক বঞ্চিত হ’ল’।

আনহাতে অগপই বিজেপিৰ লগত মিত্ৰতা কৰি নিমাতী কইনাৰ ভাও ধৰিছে বুলি মন্তব্য কৰি তেওঁ কয়, ‘এনেকৈ থকাতকৈ অগপ বিজেপিত চামিল হৈ যোৱাই ভাল’।

সাংসদ গৰাকীয়ে আজি বোকাখাত সমষ্টিৰ উত্তৰ মহুৰা গাঁও পঞ্চায়তৰ বালি চাপৰিৰ সামুহিক গৃহ, বোকাখাত নগৰৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বৃদ্ধ আৱাস, বোকাখাত মইনা পাৰিজাতৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন, সাংসদ পুঁজিৰে নিৰ্মাণ কৰা চিকুন আতা থান আৰু কাজিৰঙা হাইস্কুলৰ চৌহদৰ বেৰা আৰু পশ্চিম কাজিৰঙাৰ সামুহিক গৃহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

 

Recent News

অসমত ভূমি হস্তান্তৰক লৈ আটছুৰ তীব্ৰ প্ৰতিবাদ: সাংবিধানিক সুৰক্ষাৰ উলংঘন আৰু জনজাতীয় অধিকাৰৰ হৰণৰ অভিযোগ

অসমত ভূমি হস্তান্তৰক লৈ আটছুৰ তীব্ৰ প্ৰতিবাদ: সাংবিধানিক সুৰক্ষাৰ উলংঘন আৰু জনজাতীয় অধিকাৰৰ হৰণৰ অভিযোগ

ঘৰলৈ ঘূৰি আহিল অপাৰেশ্যন সিন্দুৰৰ সময়ত আহত অসমৰ জোৱান : উষ্ম আদৰণি গাঁওবাসীৰ

ঘৰলৈ ঘূৰি আহিল অপাৰেশ্যন সিন্দুৰৰ সময়ত আহত অসমৰ জোৱান : উষ্ম আদৰণি গাঁওবাসীৰ

তামিলনাডুৰ শিক্ষা পুঁজিৰ দাবী: জৰুৰী শুনানি অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

তামিলনাডুৰ শিক্ষা পুঁজিৰ দাবী: জৰুৰী শুনানি অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো

কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd